১৯৮৯ চনৰ আঠ আগষ্ট তাৰিখে কোনোবা হৃদয়ৱান লোকে নগাঁওস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনলৈ লৈ আহিছিল এটি অনাথ শিশু ।
শিশুটিৰ বয়স তেতিয়া আছিল দুবছৰ দহ মাহ । প্ৰাপ্ত তথ্য মতে সেই বয়সতেই শিশুটিৰ মৃত্যু হৈছিল পিতৃ মাতৃৰ । সেয়ে সম্পূৰ্ণ ৰূপে অনাথ হৈ পৰা সেই শিশুটিৰ অন্তিম আশ্ৰয়স্থল হৈ পৰিছিল শ্ৰীমন্ত শংকৰ মিশ্যন ।
শিশুটিৰ ধৰ্ম, উপাধি, বা তাইক কৰপৰা মিশ্যনলৈ আহিল, কোনে তাইক তাত থৈ গল একো কথাই নাজানে তাই । মাত্ৰ তাইৰ নামটো দীপা মণি বুলি কৈ গৈছিল তাইক থবলৈ অহা লোককেইজনে ।
এদিন মিশ্যনলৈ অহা সেই অনাথ শিশুটিয়েই এতিয়া হলগৈ দীপা শ্ৰীমন্ত । ‘শ্ৰীমন্ত শংকৰ মিশ্যন’ৰ নামৰ প্ৰথম আখৰটোৱে হলগৈ দীপাৰ উপাধি । তাতেই দীপা ডাঙৰ দীঘল হল, গাভৰু হল ।
শ্ৰীমন্ত শংকৰ মিশ্যনেই হৈ পৰিল দীপাৰ পিতৃ মাতৃ । তাতেই বিদ্যালয়ৰ শিক্ষাও আহৰণ কৰিলে তাই। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিশ্যনৰ “বাল ভৱন”ৰে আবাসী ৰূপে জীৱনৰ ত্ৰিশটা বসন্ত অতিক্ৰম কৰিলে দীপা শ্ৰীমন্তই ।
জন্মৰ পাছৰে পৰা আন বহু কেইটা শিশুৰ দৰেই ‘শ্ৰীমন্ত শংকৰ মিশ্যন’ত ডাঙৰ দীঘল হৈছিল দীপা শ্ৰীমন্ত। তাৰপিছত দীপাই এদিন অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অংগনবাদী কেন্দ্ৰৰ পৰিচাৰিকা হ’ল।
কালি সেই দীপা শ্ৰীমন্তৰে বিবাহ কাৰ্য সম্পাদন হ’ল নগাঁও চহৰৰ সমীপবৰ্তী ডিফলু দেওধৰ নিবাসী ক্ষুদ্ৰ ব্যৱসায়ী কদম বৰাৰ লগত। কভিড সৃষ্ট পৰিৱেশৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰণ কৰি শ্ৰীমন্ত শংকৰ মিশ্যন কৰ্তৃপক্ষই লৌকিকতাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি দীপা-কদমৰ বিবাহ কাৰ্য সম্পাদন কৰিলে।
আয়তীৰ উৰুলি, মংগল ধ্বনিৰ লগতে বিভিন্ন জনৰ আৰ্শীবাদেৰে এদিন অনাথ হৈ শংকৰ মিশ্যনলৈ অহা শিশুটিয়ে ত্ৰিশ বছৰৰ পাছত এক পৰিচয় পালে । কথাটো প্ৰথম দৃষ্টিত তেনেই সৰু যদিও এগৰাকী অনাথ যুৱতীক এজন পুৰুষে সামাজিক ভাৱে পত্নী বুলি আদৰি অনাৰ ক্ষেত্ৰত কদম বৰাৰ বহল অন্তৰ আৰু মানৱীয় প্ৰমূল্যবোধ সচাকৈ অতুলনীয় ।
দীপাক পত্নী ৰূপে গ্ৰহণ কৰি এক আদৰ্শ সৃষ্টি কৰিলে কদম বৰাই । তেওঁ নিশ্চয় কৈ ধন্যবাদৰ পাত্ৰ। সম্পূৰ্ণ নীতি নিয়ম মানি কদম বৰা বৰযাত্ৰীসহ দুখন গাড়ীৰে আহি শ্ৰীমন্ত শংকৰ মিশ্যন চৌহদত উপস্থিত হোৱাৰ পাছতে এক উখল- মাখল পৰিৱেশৰ সৃষ্টি হয় মিশ্যন চৌহদত।
মিশ্যন কৰ্তৃপক্ষৰ সভাপতি ডা: ধীৰেন বৰকাকতি, সম্পাদক বল্লদেৱ শৰ্মাৰ লগতে বহু সংখ্যক বিষয়ববীয়া, শ্ৰীমন্ত শংকৰ মিশ্যনৰ কৰ্মচাৰী সকল, বাল ভৱনৰ আবাসী সকল, চিকিৎসক, আমন্ত্ৰিত অতিথি সকলক আপ্যায়ণ কৰাৰ পাছত কন্যাক বিদায় দিয়া হয়।
দীঘলকৈ উৰণি লৈ বুকুৰ ভিতৰত থকা অকথিত দুখ- বেদনা আৰু পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত বাস্তৱক সাৱতি বহু স্মৃতি বহু সপোন বুকুত লৈ উচুপি উচুপি স্বামীৰ গৃহলৈ ৰাওনা হ’ল দীপা। অগ্নিক সাক্ষী কৰি কদমৰ পত্নী ৰূপে পৰিচিত হ’ল আৰু দীপাই লাভ কৰিলে জীৱনৰ ঠিকনা।
সকলোৱে আৰ্শীবাদ দিলে দীপাৰ ভৱিষ্যত জীৱন মঙ্গলময় হওঁক। দীপাৰ বিদায় পৰত সেমেকি উঠিছিল সকলোৰে চকু। সাক্ষী হৈ ৰৈছিল মিশ্যন চৌহদৰ প্ৰতিজোপা গছ, প্ৰতিটো কোঠা।