• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনৰ নতুন ঠিকনা বিচাৰি পালে শ্ৰীমন্ত শংকৰ মিশ্যনৰ দীপাই

আয়তীৰ উৰুলি,মংগলধ্বনিৰ মাজেৰে স্বামী বৰণ কৰিলে কদম বৰাক

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
December 7, 2021 5:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৯ চনৰ আঠ আগষ্ট তাৰিখে কোনোবা হৃদয়ৱান লোকে নগাঁওস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনলৈ লৈ আহিছিল এটি অনাথ শিশু ।

শিশুটিৰ বয়স তেতিয়া আছিল দুবছৰ দহ মাহ । প্ৰাপ্ত তথ্য মতে সেই বয়সতেই শিশুটিৰ মৃত্যু হৈছিল পিতৃ মাতৃৰ । সেয়ে সম্পূৰ্ণ ৰূপে অনাথ হৈ পৰা সেই শিশুটিৰ অন্তিম আশ্ৰয়স্থল হৈ পৰিছিল শ্ৰীমন্ত শংকৰ মিশ্যন ।

Apply Now

শিশুটিৰ ধৰ্ম, উপাধি, বা তাইক কৰপৰা মিশ্যনলৈ আহিল, কোনে তাইক তাত থৈ গল একো কথাই নাজানে তাই । মাত্ৰ তাইৰ নামটো দীপা মণি বুলি কৈ গৈছিল তাইক থবলৈ অহা লোককেইজনে ।

এদিন মিশ্যনলৈ অহা সেই অনাথ শিশুটিয়েই এতিয়া হলগৈ দীপা শ্ৰীমন্ত । ‘শ্ৰীমন্ত শংকৰ মিশ্যন’ৰ নামৰ প্ৰথম আখৰটোৱে হলগৈ দীপাৰ উপাধি । তাতেই দীপা ডাঙৰ দীঘল হল, গাভৰু হল ।

শ্ৰীমন্ত শংকৰ মিশ্যনেই হৈ পৰিল দীপাৰ পিতৃ মাতৃ । তাতেই বিদ্যালয়ৰ শিক্ষাও আহৰণ কৰিলে তাই। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিশ্যনৰ “বাল ভৱন”ৰে আবাসী ৰূপে জীৱনৰ ত্ৰিশটা বসন্ত অতিক্ৰম কৰিলে দীপা শ্ৰীমন্তই ।

জন্মৰ পাছৰে পৰা আন বহু কেইটা শিশুৰ দৰেই ‘শ্ৰীমন্ত শংকৰ মিশ্যন’ত ডাঙৰ দীঘল হৈছিল দীপা শ্ৰীমন্ত। তাৰপিছত দীপাই এদিন অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অংগনবাদী কেন্দ্ৰৰ পৰিচাৰিকা হ’ল।

কালি সেই দীপা শ্ৰীমন্তৰে বিবাহ কাৰ্য সম্পাদন হ’ল নগাঁও চহৰৰ সমীপবৰ্তী ডিফলু দেওধৰ নিবাসী ক্ষুদ্ৰ ব্যৱসায়ী কদম বৰাৰ লগত। কভিড সৃষ্ট পৰিৱেশৰ বাবে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰণ কৰি শ্ৰীমন্ত শংকৰ মিশ্যন কৰ্তৃপক্ষই লৌকিকতাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি দীপা-কদমৰ বিবাহ কাৰ্য সম্পাদন কৰিলে।

আয়তীৰ উৰুলি, মংগল ধ্বনিৰ লগতে বিভিন্ন জনৰ আৰ্শীবাদেৰে এদিন অনাথ হৈ শংকৰ মিশ্যনলৈ অহা শিশুটিয়ে ত্ৰিশ বছৰৰ পাছত এক পৰিচয় পালে । কথাটো প্ৰথম দৃষ্টিত তেনেই সৰু যদিও এগৰাকী অনাথ যুৱতীক এজন পুৰুষে সামাজিক ভাৱে পত্নী বুলি আদৰি অনাৰ ক্ষেত্ৰত কদম বৰাৰ বহল অন্তৰ আৰু মানৱীয় প্ৰমূল্যবোধ সচাকৈ অতুলনীয় ।

দীপাক পত্নী ৰূপে গ্ৰহণ কৰি এক আদৰ্শ সৃষ্টি কৰিলে কদম বৰাই । তেওঁ নিশ্চয় কৈ ধন্যবাদৰ পাত্ৰ। সম্পূৰ্ণ নীতি নিয়ম মানি কদম বৰা বৰযাত্ৰীসহ দুখন গাড়ীৰে আহি শ্ৰীমন্ত শংকৰ মিশ্যন চৌহদত উপস্থিত হোৱাৰ পাছতে এক উখল- মাখল পৰিৱেশৰ সৃষ্টি হয় মিশ্যন চৌহদত।

মিশ্যন কৰ্তৃপক্ষৰ সভাপতি ডা: ধীৰেন বৰকাকতি, সম্পাদক বল্লদেৱ শৰ্মাৰ লগতে বহু সংখ্যক বিষয়ববীয়া, শ্ৰীমন্ত শংকৰ মিশ্যনৰ কৰ্মচাৰী সকল, বাল ভৱনৰ আবাসী সকল, চিকিৎসক, আমন্ত্ৰিত অতিথি সকলক আপ্যায়ণ কৰাৰ পাছত কন্যাক বিদায় দিয়া হয়।

দীঘলকৈ উৰণি লৈ বুকুৰ ভিতৰত থকা অকথিত দুখ- বেদনা আৰু পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত বাস্তৱক সাৱতি বহু স্মৃতি বহু সপোন বুকুত লৈ উচুপি উচুপি স্বামীৰ গৃহলৈ ৰাওনা হ’ল দীপা। অগ্নিক সাক্ষী কৰি কদমৰ পত্নী ৰূপে পৰিচিত হ’ল আৰু দীপাই লাভ কৰিলে জীৱনৰ ঠিকনা।

সকলোৱে আৰ্শীবাদ দিলে দীপাৰ ভৱিষ্যত জীৱন মঙ্গলময় হওঁক। দীপাৰ বিদায় পৰত সেমেকি উঠিছিল সকলোৰে চকু। সাক্ষী হৈ ৰৈছিল মিশ্যন চৌহদৰ প্ৰতিজোপা গছ, প্ৰতিটো কোঠা।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd