কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্ছক ধন্যবাদ জনালে ডাঃ কাফিল খানে।
খানে কয়, “উত্তৰ প্ৰদেশ পুলিচৰ স্পেচিয়েল টাস্ক ফ’ৰ্ছক ধন্যবাদ জনাইছো। কাৰণ, এনকাউন্টাৰ কৰি বিকাশ ডুবেৰ দৰে আমাকো হত্যা কৰি নেপেলালে।”
এলাহাবাদ উচ্চ ন্যায়ালয়ে কাৰাগাৰৰ পৰা মুক্তি কৰি দিয়াৰ পিছতে ডাঃ কাফিল খানক উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে আৰু অধিক সোচ্চাৰ হৈ উঠা দেখা গৈছে।
উল্লেখ্য যে, কা বিৰুদ্ধে আলিগড় মুছলিম বিশ্বিবদ্যালয়ত বক্তৃতা দিয়াৰ অপৰাধত উত্তৰ প্ৰদেশ চৰকাৰকে ডাঃ কাফিল খানক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি মথুৰা জেইললৈ নিক্ষেপ কৰিছিল।
মংগলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে ডাঃ কাফিল খানক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাতো বেআইনী বুলি ঘোষণা কৰি অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে যোগী আদিত্যনাথ চৰকাৰক।
ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে যোগী আদিত্যনাথৰ চৰকাৰে যোৱা মংগলবাৰে নিশা ডাঃ কাফিল খানক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে।
ইয়াৰ পিছতে ডাঃ কাফিল খান যোগী আদিত্যনাথ চৰকাৰৰ বিপক্ষে অধিক আক্ৰমণাত্মক হৈ উঠিছে।
ডাঃ কাফিলে কয় যে কাৰাগাৰত তেওঁক শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে পাঁচদিন পৰ্যন্ত ভোকত ৰাখিছিল।
ডাঃ কাফিলে যোগী আদিত্যনাথক তোলাধূনা দি কয়, “ৰামায়ণত মৰ্হষি বাল্মিকীয়ে ৰজাক ৰাজ ধৰ্ম পালন কৰিবলৈ কৈ গৈছে। কিন্তু উত্তৰ প্ৰদেশৰ ৰজাই ৰাজধৰ্ম পালন কৰাতো নাইয়ে, বৰং শিশুৰ দৰে আকোৰগোজ হৈ থাকে।”
চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিবলৈ কুপ্ৰচেষ্টা কৰা বুলি অভিযোগ কৰি তেওঁক ন্যায়ালয়ে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ বাবে ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰিছে ডাঃ কাফিলে।
ইফালে ডাঃ কাফিলৰ মুক্তিক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা, সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মু্খ্যমন্ত্ৰী অখিলেশ যাদৱে সন্তুষ্টি প্ৰকাশ কৰি ডাঃ কাফিল খানক স্বাগতম জনাইছে।
গোৰক্ষপুৰৰ বিআৰডি মেডিকেল কলেজত অক্সিজেনৰ অভাৱত ৭০ টিকৈ শিশুৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ মুখ বন্ধ কৰি ৰাখিবলৈকে যোগী আদিত্যনাথে তেওঁক কাৰাগাৰত আৱদ্ধ কৰি ৰাখিবলৈ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰিছে ডাঃ কাফিলে।
“চকুৰ সন্মুখত শিশুবোৰ যেনেকৈ মৃত্যু হোৱা দেখিছিলো, সেই দৃশ্য পাহৰিব নোৱাৰি।” ডাঃ কাফিলে কয়।