সাহিত্য সভাৰ অধিৱেশনত কৈলাশ খেৰৰ হিন্দী গীত-নৃত্যক লৈ বিতৰ্ক, সৰ্বত্ৰে সমালোচনা

Kailash Kher

অসম সাহিত্য সভাৰ সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত বলিউডৰ কৈলাশ খেৰ।

আজি সামৰণি পৰা অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত সাংস্কৃতিক সন্ধিয়াত কৈলাশ খেৰক নিমন্ত্ৰণ জনাই হিন্দী গীত-নৃত্যই অসমীয়া জাতিক চৰম অপমান কৰিলে’ জীতেন দত্ত

‘অসম সাহিত্য সভা কেতিয়াবাই নিষিদ্ধ হ’ব লাগিছিল’ সাহিত্যিক অৰুণ গোস্বামী

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ স্মৃতিগ্ৰন্থত বাৰেপাচি ভুলেৰে ভাষাৰ শ্ৰাদ্ধ পতাৰ ঘটনাটো পোহৰলৈ অহাৰ সমান্তৰালকৈ ৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰৰ হিন্দী গীত আৰু নৃত্যক লৈও বিতৰ্কত পৰিছে অসম সাহিত্য সভা।

অনুষ্ঠানটোত গায়কজনৰ হিন্দী গীতৰ তালে তালে মঞ্চত উঠি একাংশ যুৱক-যুৱতীয়ে উদ্যম নৃত্য প্ৰদৰ্শন কৰা বিষয়টোত অধিক চৰ্চিত হৈছে।

অসমীয়া ভাষাৰ উন্নতিৰ হকে গঠিত অসম সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত অসমীয়া কলা-সংস্কৃতি বা নৃত্যৰ বিপৰীতে হিন্দী গীতৰ সমাহাৰ দেখি বহুকেইগৰাকীয়ে সমালোচনা কৰে।

বিষয়টোক লৈ সৰৱ হৈ পৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত।

তেওঁ “জাতীয় অনুষ্ঠানৰ দ্বাৰাই অসমীয়া সংস্কৃতিত আঘাত” বুলি মন্তব্য কৰি সভাক আৰু আয়োজকক ক্ষুৰধাৰ সমালোচনা কৰে।

“জাতীয় অনুষ্ঠানৰ দ্বাৰাই জাতীয় সংস্কৃতিক চৰম আঘাত৷ ইয়াতকৈ আৰু লজ্জাজনক ঘটনা কি হ’ব পাৰে৷ জাতিৰ দুৰ্য্যোগৰ সময়ত ভাষা-সংস্কৃতিলৈ অহা সংকটত যি সাহিত্য সভাই এক শক্তিশালী ভূমিকা ল’ব লাগিছিল সেই সময়ত সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত কৈলাশ খেৰক নিমন্ত্ৰণ জনাই হিন্দী গীত-নৃত্যই অসমীয়া জাতিক চৰম অপমান কৰিলে”, নিজৰ ফেইচবুক ৱালত এইদৰে লিখে দত্তই।

অসম সাহিত্য সভাই লোক সংস্কৃতিক প্ৰাধান্য দিয়া নাই বুলিও গুৰুতৰ অভিযোগ তোলে দত্তই।

পোষ্টটোত দত্তই আৰু কয়, “লোক সংস্কৃতিক প্ৰাধান্য দিয়াৰ বিপৰীতে হিন্দী গীত আৰু তাৰ তালে তালে অসমীয়া যুৱতীৰ উদ্যাম নৃত্যই শুৱালকুছিৰ স্বকীয় গৌৰৱকো অপমান কৰিলে৷ এনেকুৱা জাতীয় অনুষ্ঠানৰ যোগেদি খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ বিকাশ সম্ভৱ নহয়”।

“ভালেই হ’ল বড়ো, মিচিং, দেউৰী সকলোৱে নিজ নিজ জনগোষ্ঠীয় সাহিত্য সভাৰ জন্ম দিলে”, দত্তই লগতে লিখে।

আনহাতে, এনেবোৰ বিষয়ত সাহিত্য সভাকে ধৰি অন্যান্য জাতীয় অনুষ্ঠানক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে।

“কি পৰিৱেশত তেনে এটা ঘটনা হ’ল সেইটো মই নাজানিম। মই যিমান দূৰ জানো এইবিলাকৰ কাৰণে এখন কমিটি থাকে আৰু তেওঁলোকেও নীতি নিৰ্ধাৰণ কৰি লয়। সেই ক্ষেত্ৰতে কিবা এটা খেলিমেলি হৈছে যাৰ বাবে, এই প্ৰশ্নৰ উদয় হ’ল। মই ভাবো এইক্ষেত্ৰত সাহিত্য সভাকে ধৰি অন্যান্য জাতীয় অনুষ্ঠাসমূহ সাৱধান হোৱাটো ভাল যাতে মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয়”, সংবাদ মাধ্যমৰ আগত শ্বাহে কয়।

ইপিনে, কৈলাশ খেৰৰ হিন্দী গীত পৰিৱেশনৰ প্ৰসংগটো সমালোচনা কৰিবলৈ গৈ অসম সাহিত্য সভাক নিষিদ্ধ কৰাৰ দাবী তোলে সাহিত্যিক অৰুণ গোস্বামীয়ে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “অসম সাহিত্য সভা কেতিয়াবাই নিষিদ্ধ হ’ব লাগিছিল। আমিতো নেদেখিলোৱেই, আপোনালোকে সাহিত্য সভাই কৰা এটা ভাল কাম দেখুৱাই দিয়ক। হৰিপ্ৰসাদ নেওগ, মহেশ্বৰ নেওগ থকালৈকে অসম সাহিত্য সভাৰ বহুখিনি কাম কৰিছিল। কৈলাশ খেৰক ভাৰতত কোনো নাজানে? কৈলাশ খেৰক লাখ লাখ টকা দি অসমলৈ মাতি আনিছে অসম সাহিত্য সভাই। সকলোৱে কয় অসম সাহিত্য সভা অসমীয়া ভাষাৰ ৰক্ষক, কিন্তু মই কৈছো ভক্ষক।”

গোস্বামীয়ে অসম সাহিত্য সভাৰ মজিয়াত ৰাজনীতি চলাৰো অভিযোগ আনে আৰু কয়, “সাহিত্য সভাখন অৰাজনৈতিক নহয়, ৰাজনৈতিক অনুষ্ঠান, ইয়াত ৰাজনীতিৰ বাহিৰে একো নাই। গতিকে এইখন ভাঙি পেলোৱা উচিত। সাহিত্য সভাই যাকে-তাকে এসোপামান বঁটাহে দিব জানে”।

আনহাতে, জেৰুলিনা হাফিজ নামৰ এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ফেইচবুক ৱালত অসম সাহিত্য সভাক সমালোচনা কৰি লিখিছে, “অসম সাহিত্য সভাত কৈলাশ খেৰৰ সংগীতানুষ্ঠান………??? চাইনব’ৰ্ডত অসমীয়া লিখাক লৈ লাগি থাকোতেচোন নিজৰ অনুষ্ঠানৰে মঞ্চত অসমীয়া নিষিদ্ধ হ’ল। নাগপুৰক সন্তুষ্ট নে গ্লবে’ল ৰিপ্ৰেৰ্জেণ্ট? অসমীয়া শিল্পীসকল নোহোৱা হ’ল নে কা-বিৰোধিতাৰ বাবে বৰ্জন কৰা হ’ল??”