কলাইগাঁও কাণ্ডৰ মূল অভিযুক্ত ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়াক গ্ৰেপ্তাৰ

68c45cfc-d053-4ac1-b5c1-28e3ea6deb58

অন্ধ বিশ্বাসৰ কবলত পৰি ৬ জুলাই অৰ্থাৎ শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যাদৱ চন্দ্ৰ চহৰীয়া নামৰ বিজ্ঞান শিক্ষকজনৰ পৰিয়ালে সংঘটিত কৰা জঘন্য ঘটনাৰ মূল অভিযুক্ত ভণ্ড তান্ত্ৰিক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শনিবাৰৰ পৰা পলাই থকা ভণ্ড তান্ত্ৰিক জনক সোমবাৰে নিশা দৰঙৰ কুৰুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দৰঙৰ উপ আৰক্ষী অধীক্ষক(সদৰ) মামণি হাজৰিকাৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ৰমেশ চহৰীয়াৰ ঘৰ দৰং জিলাৰ বানেইকুছিত। লোকজনে যোৱা প্ৰায় তিনি বছৰ ধৰি শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াৰ ঘৰত পূজা-পাতল আৰু তন্ত্ৰ-মন্ত্ৰ চলাই আহিছিল। যাদৱ চহৰীয়াৰ পৰিয়ালক ধন–ঐশ্বৰ্যৰে চহকী হোৱাৰ সপোন দেখুৱাইছিল ভণ্ড তান্ত্ৰিক ৰমেশে।

আৰু এই সপোনবোৰ সাৰ্থক কৰিবলৈ যোৱা শনিবাৰে যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে ঘৰ, বাহন, আৰু আচবাব জ্বলাই দিয়াৰ উপৰি ঘৰৰ শিৱ মন্দিৰত উলংগ হৈ পূজা কৰাৰ লগতে খুলখালিয়েকৰ সন্তানক বলি দিয়াৰ চেষ্টা চলাইছিল।

এই ঘটনাৰ কথা স্থানীয় ৰাইজে গম পোৱাত পৰিস্থিতিয়ে এনে ৰূপ ধাৰণ কৰিছিল যে নিৰাপত্তাৰক্ষী বাহিনীয়ে পাঁচ ঘন্টাজোৰা অভিযানৰ অন্তত গুলিচালনা কৰিহে পৰিয়ালটোক কাবু কৰিব পাৰিছিল।

উল্লেখযোগ্য যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱী গুলীত আহত পুলকেশ চহৰীয়াৰ পিছত GMCHত মৃত্যু হয়। বৰ্তমানো চিকিৎসাধীন হৈ আছে পৰিয়ালৰটোৰ মুৰব্বী যাদৱ চহৰীয়া।