বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ

Kaliabor AASU

ফটো: নৰ্থইষ্ট নাও।

বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ মহিলা সকলে।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু অসম উন্নতি সভা তথা কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত নিজ চিলাবন্ধা শিপিনী গাওঁৰ ব্যৱস্থাপনাত থলুৱা গামোচা উৎপাদনৰ কাৰণে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এক সূতা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।

মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে আৰু বজাৰত বিদেশী গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা প্ৰসাৰ কৰাৰ উদ্দেশ্যে এইদৰে সূতা বিতৰণ কৰা বুলি কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপদেষ্টা মৃগাংক শেখৰ ভৰালী হাজৰিকাই মন্তব্য কৰে। সভাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদকগৰাকীও উপস্থিত থাকে।

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে? চাওক সিদ্ধান্তসমূহ

ইপিনে, কলিয়াবৰৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ এশৰো অধিক শিপিনীয়ে ১২ মাহেই গামোচা, চাদৰ, মেখেলা, চেলেঙকে ধৰি বিভিন্ন ধৰণৰ বোৱা-কটা কৰি পৰিয়াল পোহপালৰে স্বাৱলম্বিতাৰ পথ মুকলাই লোৱা পৰিলক্ষিত হৈছে। সেয়ে এই মহিলা সকলক লগত লৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত ২০১৭ চনৰ পৰাই প্ৰতি বছৰে ব’হাগ বিহুৰ আগে আগে বিনামূলীয়াকৈ সূতা বিতৰণ কৰে। ইয়াৰ লক্ষ্য হ’ল হেঁপাহৰ বিহুৱানখন সকলোৱেই যাতে থলুৱাভাৱে গ্ৰহণ কৰাৰ লগতে থলুৱা বিপনীসমূহতো এই গামোচাই বজাৰ দখল কৰিবলৈ সক্ষম হয়।

আনহাতে, আজিকোপতি এই শিপিনী সকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজিলৈকে এই সকল শিপিনীয়ে অত্যাধুনিক একোখনকৈ শাল লাভ নকৰিলে। যাৰ বাবে শিপিনী সকলে যথেষ্ট অসুবিধাৰ মাজেৰে কাম কৰিব লগা হৈছে।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা: ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন

সেয়ে, চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ তেওঁলোকৰ আহ্বান যে শিপিনীসকলক একোখনকৈ অত্যাধুনিক শালৰ লগতে যাৱতীয় সকলোখিনি সুবিধা প্ৰদান কৰক লগতে বহিৰাগত চেলেং,গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা আৰু থলুৱা সাজ-পোছাক ব্যৱহাৰ কৰাত সহায় কৰক।

 

UTTARAKHANDLeadsWinsTotal
BJP+ 004747
CONG+ 001919
AAP 000000
Others000404