‘আনৰ মাটি’ত খেতিৰে লাখ টকা উপাৰ্জন চৰকাৰী চাকৰিয়াল দীপক শইকীয়াৰ

দীপক শইকীয়া

অসমৰ মানুহৰ এলেহুৱা স্বভাৱৰ বিষয়ে প্ৰায়ে শুনা অভিযোগৰ বিপৰীতে চৰকাৰী চাকৰি থকা সত্বেও আনৰ মাটি চুক্তিত লৈ পদ্ধতিগতভাৱে শাক-পাচলিৰ খেতিৰে লাখ টকা ঘটি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দীপক শইকীয়াই।

বছৰেকীয়া চুক্তিত আনৰ পৰা লোৱা ১০ বিঘা মাটিত কৰা শাক-পাচলি বেচি যোৱা বছৰ ৪ লাখ টকা উপাৰ্জন কৰিছে শইকীয়াই। ‘১০ বিঘা মাটি মই বছৰি ১০হাজাৰ টকা চুক্তিত লৈছো। যোৱা বছৰত  ১০ বিঘা মাটিত আলু, বিলাহী, ফ্ৰেন্স বিন, মটৰ মাহ আৰু কেপচিকামৰ খেতি কৰি চাৰি লাখ মান টকা উপাৰ্জন কৰিছো,’ নৰ্থ ইষ্ট নাও-ক জনালে শইকীয়াই।

যোৱা বছৰৰ আয়ত উৎসাহী হৈ শইকীয়াই এই বছৰো ইতিমধ্যে আধা লক্ষাধিক টকা উপাৰ্জন কৰিছে। কলিয়াবৰ মহাবিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক শইকীয়া পুৱা ১০ৰ পৰা আবেলি ৪ বজালৈ কলেজত ব্যস্ত থাকিব লগা হোৱা বাবে খেতিৰ চোৱা-চিতাৰ কাৰণে স্থানীয় এজন লোকক নিয়োগ কৰিছে।

‘তৰমুজ আৰু জলকীয়াৰ খেতি সম্পূৰ্ণ হৈছে। এতিয়া ২বিঘা মাটিত বেঙেনা, ১বিঘাত পানীলাউ আৰু ১বিঘাত তৰৈ আৰু ৫বিঘাত মৰাপাট খেতি কৰা হৈছে,’ জনালে শইকীয়াই।

শইকীয়াই জনোৱা মতে সপ্তাহত দুদিনকৈ বিক্ৰীৰ বাবে চিঙা হয় লাউ-বেঙেনা-তৰৈ।

এই বছৰো ‘আশা কৰাৰ দৰেই’ খেতি হৈছে বুলি মন্তব্য কৰিছে শইকীয়াই। নিটোল বেঙেনা, দীঘল দীঘল লাউ আৰু তৰৈৰে ভৰি আছে দীপক শইকীয়াৰ হেন্দালি।

শইকীয়াৰ খেতি সকলোৰে মাজত চৰ্চিত হোৱাৰ পিছত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উপৰি জিলা কৃষি বিষয়ায়ো আহি দীপক শইকীয়াৰ খেতি পৰিদৰ্শন কৰেহি। ‘কৃষি বিভাগৰ পৰা জৈৱিক কীটনাশক ঔষধ, ভিটামিনৰ লগতে কেঁচু সাৰ লাভ কৰিছো,’ শইকীয়াৰ মন্তব্য।

চাকৰি বিচাৰি বহিঃৰাজ্যলৈ অসমৰ হাজাৰ হাজাৰ যুৱক ৰাওনা হ’ব লগাৰ সময়ত দীপক শইকীয়া সকলোৰে আদৰ্শস্বৰূপ বুলি ৰাইজে মন্তব্য কৰিছে।