বিজেপি নেতাৰ প্ৰৱেশ নিষেধ কলিয়াবৰ মহাবিদ্যালয়ত

Kaliabor

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ে শ্ৰেণী বৰ্জন কাৰ্য্যসূচী গ্ৰহণৰ সমান্তৰালকৈ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সিদ্ধান্ত মৰ্মে শুকুৰবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয় ববীয়াকে প্ৰমুখ্যে কৰি ছাত্ৰ ছাত্ৰীসকলে।

কলিয়াবৰবাসী ৰাইজৰ লগত বিধেয়ক বাতিলৰ বিষয়টো আলোচনা কৰি জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এই অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে এই সময়চোৱাত উক্ত বিধেয়ক সমৰ্থকাৰী চৰকাৰী পক্ষৰ নেতাসকলক মহাবিদ্যালয় প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও স্পস্ট কৰি দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই।

আনহাতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত কলিয়াবৰ উকীল সন্থায়ো হাতত প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট গ্ৰহণ কৰে।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত যিসমূহ দল সংগঠনে এই দাবীত অটল হৈ এই বিধেয়ক খনৰ বিৰোধিতা কৰি সংগ্ৰাম কৰি আছে সেই দল সংগঠন সমূহক কলিয়াবৰ বাৰ এছচিয়েচনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই বিধেয়কখনৰ বিৰোধিতাৰ ক্ষেত্ৰত এছচিয়েচনো সকলোবোৰ দল সংগঠনৰ লগত একমত বুলি জানিবলৈ দিয়ে।