‘না খাউংগা না খানে দুংগা’ শ্ল’গান দিয়া বিজেপিৰ দিনতে সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি : কমল কুমাৰ মেধি

‘দুৰ্নীতি সন্দৰ্ভত ‘না খাউংগা না খানে দুংগা’ শ্ল’গানেৰে শাসনত অধিষ্ঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত এটাৰ পিছত আন এটা দুৰ্নীতি সংঘটিত হৈ আহিছে ৷’ এই অভিযোগ উত্থাপন কৰে কংগ্ৰেছ দলে

আজি বিয়লি বৰপেটা ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে উক্ত অভিযোগ উত্থাপন কৰে।

সংবাদমেলত মেধিয়ে কয় যে, ‘ইউ পি এ চৰকাৰে ২০১২ বৰ্ষৰ ১২ ডিচেম্বৰত ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ নিবিদাত প্ৰতিখন বিমানত ৫২৬.১০ কোটি টকাকৈ ধাৰ্য কৰা হৈছিল। কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিখন বিমান ৫২৬.১০ কোটিৰ পৰিৱৰ্তে ১৬৭০.৭০ কোটি টকাকৈ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়।’

গতিকে কাৰ স্বাৰ্থত প্ৰতিখন বিমানত অতিৰিক্তভাৱে ১১৪৪.৬০ কোটি টকা ভৰিব লগা হ’ল বুলি প্ৰধান মন্ত্ৰীলৈ প্ৰশ্ন তোলে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।

তাৰোপৰি বিমান ক্ৰয় মেৰামতিৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্তান এৰোনেটিকচ লিমিটেডক একাষৰীয়া কৰি অনিল আম্বানীৰ কোম্পানী ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানীক বিমান ক্ৰয়ৰ বাবে দায়িত্ব প্ৰদানৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া দেশবাসীয়ে জানিবলৈ ইচ্ছুক হৈ থকা বুলিও মুখপাত্ৰ গৰাকীয়ে আজিৰ সংবাদমেলত কয় ৷

সংবাদমেলত মুখপাত্ৰ গৰাকীয়ে বিমান ক্ৰয়ৰ চুক্তি কৰাৰ মাথো ১২দিন পূৰ্বে গঠন কৰা তথা অনিল আম্বানীক সন্তুষ্ট কৰাৰ বাবে ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানীক বিমান ক্ৰয়ৰ দায়িত্ব দি দেশৰ প্ৰতিৰক্ষাৰ লগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আপোচ কৰা বুলি অভিযোগ উত্থাপন কৰে।

সংবাদমেলত কংগ্ৰেছ দলৰ অইন এগৰাকী মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাস, জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক( প্ৰশাসন) ৱাজেদ আলী আনচাৰী, আফতাবউদ্দিন খানো উপস্থিত থাকে ৷