NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত দোকান খোলা সম্পৰ্কত জিলা উপায়ুক্ত আৰু বজাৰ কমিটিৰ মাজৰ বৈঠকত গৃহীত হ’ল এইবোৰ সিদ্ধান্ত

May 4, 2020 3:52 pm · দীপজ্যোতি শৰ্মা

আজিৰ পৰা সমগ্ৰ দেশত তৃতীয় পৰ্যায়ৰ ল’কডাউন আৰম্ভ হৈছে। তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাৰ বিভিন্ন নীতি-নিৰ্দেশনা সম্পৰ্কত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু বজাৰ কমিটিৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত কোনখন দোকান কেতিয়া খুলিব পাৰিব ইত্যাদি বিষয় আলোচনা কৰা হয়। বৈঠকৰ অন্তত জিলা উপায়ুক্তই সংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি উপায়ুক্ত গৰাকীয়ে কামৰূপ মহানগৰ জিলাত মাৰ্কেট কমপ্লেক্স বা মল খুলিব নোৱাৰিব বুলি উল্লেখ কৰাৰ লগতে কমপ্লেক্সত থকা কাৰ্য্যালয়সমূহো খুলিব নোৱাৰিব বুলি কয়।

আনহাতে, কাৰ্য্যালয় সমূহ খোলাৰ বাবে যদি অত্যাধিক প্ৰয়োজন হয় তেতিয়া উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জনিবলৈ দিয়ে।

তদুপৰি, উপায়ুক্ত গৰাকীয়ে বৰ্তমানলৈ এখন দোকান সপ্তাহত দুদিনহে খোলাৰ অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি দেওবাৰে সকলো দোকান বন্ধ ৰাখিব লাগিব বুলিও জনায়।

দোকানৰ বিল্ডিঙৰ মালিক সকলক দোকান খোলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা নিৰ্ধাৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলিও তেও জনায়।

পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সকলৰ বাবে এক তৃতীয়াংশ খোলাৰ নিয়ম বান্ধি দিয়া হৈছে। চাহৰ দোকান, ৰেষ্টুৰেণ্ট অথবা আইচক্ৰিমৰ দোকান খোলা থাকিব যদিও দোকানত বহি কোনো খাদ্য ব্যস্তু গ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে এইক্ষেত্ৰত দোকান সমূহে হোম ডেলীভাৰী অথবা গ্ৰাহক সকলে দোকানৰ পৰা বস্তু লৈ গৈ খাব লাগিব বুলি কয়।

জিলা প্ৰশাসনে বান্ধি দিয়া নিয়ম ভংগ কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ’ব বুলিও উপাযুক্ত গৰাকীয়ে সকীয়াই দিয়ে ৷

Related News