NORTHEAST NOW (Assamese)

কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল ট্ৰফি : ছনশ্বৰং স্পৰ্টছ ক্লাব চেম্পিয়ন

October 23, 2018 8:55 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ ৰামফালবিলৰ ৰূপনাথ ব্ৰহ্ম খেলপথৰাত ৰামফালবিল আঞ্চলিক ক্ৰীড়াসংস্থাৰ দ্বাৰা আয়োজিত ১৩ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল ট্ৰফিত চেফাংগুৰিৰ ছনশ্বৰং স্পৰ্টছ ক্লাবে গোসাঁইগাঁৱৰ শালবাগান স্পৰ্টিং ক্লাবক পৰাস্ত কৰে।

নিৰ্ধাৰিত সময়ত ২-২ গ’লেৰে অমীমাংসিতভাৱে সমাপ্ত হোৱা খেলখনত পিছত টাই ব্ৰেকাৰত ছনশ্বৰং স্পৰ্টছ ক্লাবে গোসাঁইগাঁৱৰ শালবাগান স্পৰ্টিং ক্লাবক পৰাস্ত কৰি বিজয়ৰ মুকুট অৰ্জন কৰে।

খেলৰ শেষত স্থানীয় বিধায়ক যতিন্দ্ৰ ব্ৰহ্মই বিজয়ী দলক ট্ৰফি আৰু নগদ ২০,০০০ টকা প্ৰদান কৰাৰ বিপৰীতে অসম ৰাইনো দলৰ প্ৰাক্তন ফুটবলাৰ মিণ্টু বচুমতাৰীয়ে ৰানাৰ্ছ আপ দলক ট্ৰফি আৰু নগদ ১৫,০০০ টকা প্ৰদান কৰে। আনহাতে প্ৰাক্তন বি টি চি বিধায়ক ইন্দ্ৰ মোহন ব্ৰহ্মই শালবাগান ক্লাবৰ মুন্না বচুমতাৰীক শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ প্ৰদান কৰে।

উল্লেখযোগ্য যে এবছুৰ প্ৰতিস্থাপক সম্পাদক প্ৰয়াত কনকেশ্বৰ নাৰ্জাৰীৰ সোঁৱৰণত ৰামফালবিল আঞ্চলিক ক্ৰীড়াসংস্থাই এবছুৰ সহযোগত প্ৰত্যেক বছৰে উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

Related News