NORTHEAST NOW (Assamese)

কংগনাৰ কাষত নাই বিজেপিৰ সমৰ্থন! কৃষি বিধেয়কৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰাণাৱট

September 25, 2024 7:03 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কংগনা ৰাণাৱটে সাংসদ হোৱাৰ পূৰ্বেও তেওঁ কেইবাটাও বিষয়ত বিতৰ্কত লিপ্ত হৈছিল। গতিকে আগতেই দলটোৱে কংগনাৰ সৈতে দূৰত্ব বঢ়াইছিল।শেহতীয়াকৈ কৃষি বিধেয়ক ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছিল বিজেপিৰ তাৰকা সাংসদ কংগনা ৰাণাৱটে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে বিধেয়কখন ঘূৰাই নিদিয়ে তেন্তে কৃষকসকলে পুনৰ আন্দোলনৰ পথত আগবাঢ়িব লাগিব।

তেওঁৰ মন্তব্যক লৈ দলৰ ভিতৰতে বিতৰ্ক আৰম্ভ হয়। কংগনাৰ এই মন্তব্যক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে বিজেপিৰ মুখপাত্ৰই স্পষ্টকৈ ক’লে, ‘কংগনাই নিজৰ ব্যক্তিগত পক্ষৰ পৰা এই মন্তব্য কৰিছে। কৃষি বিধেয়কখনৰ বিষয়ে এইবোৰ কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই।’

বিতৰ্ক ইয়াতেই শেষ নহ’ল। অৱশেষত কংগনাই তেওঁৰ মন্তব্যৰ বাবে অনুশোচনা কৰিলে। তেওঁৰ কথাত যদি কোনোবাই আঘাত পাইছিল তেন্তে সেই কথাৰ বাবে তেওঁ ক্ষমা বিচাৰে।

তাৰ পাছত তেওঁ ক’লে, ‘মই এইটোও মনত ৰখা উচিত যে মই কেৱল এজন শিল্পী নহয়, বিজেপিৰ এজন কাৰ্যকৰ্তা৷ গতিকে মই এই কথা মনত ৰাখিব লাগিছিল। কোনো কাৰণতে মই নিজৰ কোনো ব্যক্তিগত মতামত প্ৰকাশ কৰিব নালাগে। দলৰ স্থিতি মোৰ স্থিতি। গতিকে মন্তব্যটো প্ৰত্যাহাৰ কৰিলোঁ।’

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কংগনাই তাত লিখিছে, ‘মই মোৰ বক্তব্য ঘূৰাই লওঁ। মোৰ কথাই যদি কাৰোবাৰ আৱেগক আঘাত দিছে, তেন্তে তাৰ বাবে মই দুখী।’

Related News