অৰ্হতাহীন বলীউড তাৰকা! বলীউডত নাই কংগনাৰ বন্ধুৰ যোগ্য তাৰকা: খোদ নিজ মুখেৰে ক’লে কংগনাই

Kangana Ranaut

সমগ্ৰ বলীউডতে এনে কোনো তাৰকা নাই, যাৰ কংগনা ৰাণাৱটৰ সৈতে বন্ধুত্ব গঢ়াৰ যোগ্যতা আছে। কংগনাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়োজনীয় অৰ্হতাই নাই এই বলীউদী তাৰকাসকলৰ। এই কথা নিজ মুখেৰেই প্ৰকাশ কৰিছে খোদ অভিনেত্ৰী গৰাকীয়ে।

সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰা কংগনা ৰাণাৱটৰ শেহতীয়া এই বিস্ফোৰণ ঘটাইছে। বলীউডৰ প্ৰতিষ্ঠিত কলা-কুশলীৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা কংগনাৰ এই মন্তব্যই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে।

ইউটিউব চেনেল কাৰ্লী টেলছৰ সৈতে এক সাক্ষাৎকাৰত কংগনাই কয় যে বলীউড উদ্যোগটোত তেওঁৰ কোনো বন্ধু নাই। আনকি কংগনাই বলীউডৰ এনে এজন ব্যক্তিৰ কথা ভাবিব নোৱাৰে, যাক তেওঁ নিজৰ ঘৰলৈ ঘৰত নিমন্ত্ৰণ কৰিব পাৰে।

ইউটিউব চেনেলটোৰ সাক্ষাৎ গ্ৰহণকাৰীজনে কংগনাক তিনিজন লোকৰ নাম ক’বলৈ কয়, যিকেইজনক তেওঁ নিজৰ ঘৰত দেওবাৰে আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাব পাৰে।

এই প্ৰশ্নৰ উত্তৰত কংগনাই কয়, “বলীউডৰ কোনো তাৰকাই এই সেৱা লাভৰ বাবে যোগ্য নহয়। বাহিৰত যদি কোনো বলীউডী তাৰকক লগ পায় বেলেগ কথা, কিন্তু তেওঁলোকক ঘৰলৈ কেতিয়াও নিমন্ত্ৰণ নকৰোঁ।”

আনহাতে বলীউডত তেওঁৰ কোনো বন্ধু নাই নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগনাই কয়, “একেবাৰে নাই, এই সকল লোক মোৰ বন্ধু হোৱাৰ যোগ্য নহয়। ইয়াৰ বাবে অৰ্হতাৰ প্ৰয়োজন।”

উল্লেখ্য যে আহিবলগীয়া নতুন চিনেমা ‘ধাকাড়’ত কংগনাক এজেণ্ট অগ্নি নামৰ এজন চুপাৰ-স্পাই হিচাপে দেখা যাব। ছবিখনৰ আন এটা প্ৰধান চৰিত্ৰত অভিনয় কৰিছে।অৰ্জুন ৰামপালে।

চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত কংগনাই কয় যে যিসকলে তেওঁৰ সৈতে কাম কৰে তেওঁলোক বলীউডত বৰ্জনৰ সন্মুখীন হোৱাৰ আশংকা আছে। এই বাবে তেওঁৰ চলচ্চিত্ৰসমূহৰ বাবে কাষ্টিং এক ডাঙৰ সমস্যা হৈ পৰিছে বুলিও কংগনাই মন্তব্য কৰে।

আনহাতে অৰ্জুন ৰামপালক এইক্ষেত্ৰত তেওঁৰ সৈতে কাম কৰিব বিচৰা এজন বিৰল অভিনেতা বুলিও অভিহিত কৰে কংগনাই।