‘পাকিস্তানতো চৰকাৰ গঠন কৰিব বিজেপিয়ে’, এয়া কি ক’লে কংগনাই!

a kanga

বিগত কিছুদিন ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ প্ৰশংসাত গদ গদ হৈ পৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ পাকিস্তানতো বিজেপিৰে চৰকাৰ হ’ব বুলি কৰা ঘোষণাই বহুতকে আমোদ দিয়া পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা কৰি কংগনাই কয় যে এটা সময়ত পাকিস্তানো ভাৰতৰে অংশ আছিল।

সেয়ে পাকিস্তানক কোভিডৰ ভেকচিন যোগান ধৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সিদ্ধান্ত লৈছে।

পাকিস্তানক ভাৰতে শেহতীয়াকৈ ৪৫ নিযুত কোভিডৰ ভেকচিন যোগান ধৰিবলৈ ভাৰতে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগনাই কয় যে ভাৰতৰ অংশ আছিল বাবেই মোদীয়ে পাকিস্তানৰ প্ৰতি এনে বদান্যতা দেখুৱাইছে।

এনেদৰে থাকিলে পাকিস্তানতো মোদীৰ চৰকাৰ হ’ব বুলি কংগনাই কয়।টুইটাৰত কংগনাই লিখিছে—‘মোদীয়ে যেন ক’ব বিচাৰিছে পাকিস্তানতো এইবাৰ মোদীৰ চৰকাৰেই হ’ব’।

কিছুদিন পূৰ্বেও কংগনাই মোদীক প্ৰশংসা কৰি কৈছিল যে মোদী এতিয়া কেৱল এগৰাকী নেতা হৈ থকা নাই, তেওঁ এটা আবেগত পৰিণত হৈছে।

বিজেপিক সমৰ্থন জনাবলৈ গৈ কংগনাই কিছুদিন পূৰ্বে ভুল ক্ৰমে কৃষক বিদ্ৰোহত অংশ লোৱা এগৰাকী মহিলাক শ্বাহিনবাগৰ দাদি হিচাবে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।

পিছত তেওঁৰ বিৰুদ্ধে সেই গৰাকী মহিলাই গোচৰ তৰিছিল।

বহু নেটিজেনে কংগনাৰ বিজেপি ভক্তিক কটাক্ষ কৰাও দেখা গৈছে।