”গ্ৰেট কুইন”’! ব্ৰিটিছ সম্ৰাজ্ঞীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কংগনা ৰানাৱট, কিয়?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন পাৰ্চনেলিটী অপ্ৰাহ উইনফ্ৰে’ৰ স’তে হোৱা এটা সাক্ষাৎকাৰত  ব্ৰিটিছ ৰাজকোঁৱৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে দিয়া এটা ভাস্যই বিশ্বজুৰি তোলপাৰ লগাইছে।

সাক্ষাৎকাৰটোত মেগানে কৈছিল যে ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবিদ্বেষী মনোভাৱ আছে।

উল্লেখযোগ্য যে বৰ্তমান মেগান গৰ্ভৱতী আৰু দম্পতিটোৰ দ্বিতীয়টো সন্তানৰ বাবে সাজু হৈছে।

কিন্তু ৰাজপৰিয়ালটোৱে গৰ্ভাৱস্থাত থকা সন্তানটোৰ ছালৰ ৰঙক লৈ বৰ্ণবিদ্বেষী সন্দেহ প্ৰকাশ কৰিছিল।

মেগান মাৰ্কলে ৰাজপৰিয়ালটোৰ প্ৰথমগৰাকী সদস্য যি শ্বেতাংগ নহয়।

সেয়ে দ্বিতীয়টো সন্তানৰ ছালৰ ৰঙক লৈ ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছিল।

তদপুৰি ২০১৮ চনত তেওঁৰ প্ৰথমটো সম্তান আৰ্কীৰ জন্মৰ সময়তো তেওঁ মানসিক যন্ত্ৰণা লাভ কৰিছিল বুলি ইণ্টাৰভিউটোত প্ৰকাশ কৰিছিল।

মেগানৰ এই বক্তব্যটোক অজস্ৰ সচেতন আৰু প্ৰগতিশীল লোকে সমৰ্থন কৰিছে।

আনহাতে সততে উপৰুৱা আৰু একপক্ষীয় বক্তব্যৰে চৰ্চাত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে বিষয়টো সম্পৰ্কত ব্ৰিটিছ ৰাজপৰিয়ালক সমৰ্থন জনাইছে।

এটা টুইটযোগে কংগনাই কৈছে যে যদিও ইণ্টাৰভিউটো তেওঁ চোৱা নাই কিন্তু ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথৰ প্ৰশংসাত অভিনেত্ৰীগৰাকী পঞ্চমুখ হৈ পৰিছে।

কুইন এলিজাবেথ, প্ৰিন্স চাৰ্লছকে ধৰি ব্ৰিটিছ ৰাজপৰিয়ালৰ সকলো সদস্যৰ ফটো টুইটাৰত প’ষ্ট কৰি তেওঁ কুইন এলিজাবেথক ”মহান সম্ৰাজ্ঞী” আখ্যা প্ৰদান কৰিছে।

তদুপৰি বিষয়টোক শাহু বোৱাৰীৰ কাজিয়াৰ ৰূপত উপস্থাপন কৰি তেওঁ কয় যে এনেধৰণৰ বিতৰ্কই তেওঁক আকৰ্ষিত নকৰে।

”যদিও এগৰাকী আদৰ্শ শাহু, পত্নী, ভগ্নী নহয়, কিন্তু তেওঁ এগৰাকী মহান সম্ৰাজ্ঞী’।- টুইটটোত অভিনেত্ৰীগৰাকীয়ে এইদৰে কয়।