লকডাউনৰ পিছতেই লক্ষ্ণৌ আৰক্ষীৰ মুখামুখি হ’ব লাগিব গায়িকা কনিকা কাপুৰ

kanika-kapoor

গায়িকা কণিকা কাপুৰ

ক’ৰ’না ভা্ইৰাছ পৰীক্ষাত নিগেটিভ পোৱাৰ পিছৰে পৰা নিজৰ ঘৰতে আইছ’লেশ্যনত থকা জনপ্ৰিয় গায়িকা কনিকা কাপুৰে লকডাউন খোলাৰ পিছতেই সন্মুখীন হ’ব লাগিব লক্ষ্ণৌ আৰক্ষীৰ।

ব’ম্বে টাইমছে প্ৰকাশ কৰা মতে লকডাউন সম্পূৰ্ণ হোৱাৰ লগে লগে আৰক্ষীয়ে কনিকা কাপুৰক জেৰা চলাব।

উল্লেখ্য যে কোভিদ-১৯ৰ ভয়াবহতাক আওকান কৰি তেওঁৰ ভ্ৰমণ পৰিক্ৰমা লুকুৱাই বেলেগৰ জীৱন বিপদত পেলোৱাৰ অভিযোগত জনপ্ৰিয় গায়িকাগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু হৈ আছে।

ক’ৰ’না ভাইৰাছৰ বিষয়টোক আওকান তথা অৱহেলা কৰাৰ বাবে য়ু পিৰ চিফ মেডিকেল অফিচাৰ এজনে গায়িকাগৰাকীৰ বিৰুদ্ধে এজহাৰ দাখিল কৰিছিল।

ব’ম্বে টাইমছ প্ৰকাশিত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, ‍‘লকডাউন শেষ হোৱাৰ লগে লগে আমি কনিকা কাপুৰক সোধা-পোচা কৰিম। এজাহাৰ দাখিল হোৱাৰ পিছত এইটো কৰাটো আমাৰ নিয়ম। এজাহাৰ দাখিলৰ তিনিমাহৰ ভিতৰত এই কামটো সম্পূৰ্ণ কৰিব লাগে’।

উল্লেখ্য যে ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কনিকা কাপুৰৰ ছয় নম্বৰৰ টেষ্টতহে নিগেটিভ আহে। অৰ্থাৎ ৪ এপ্ৰিলত নিগেটিভ অহাৰ পিছত গায়িকাগৰাকীক ৬ এপ্ৰিলত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়ে।

কনিকা কাপুৰৰ উপৰি বলিউদৰ প্ৰযোজক কৰিম মোৰানি আৰু দুই কন্যা ক্ৰমে জোৱা মোৰানি আৰু চাজা মোৰানি ক’ৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান চাজাৰ নিগেটিভ পোৱা গৈছে যদিও কাৰিম আৰু জোৱাই চিকিৎসা গ্ৰহণ কৰি আছে।