• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 7:39 pm
কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয়ক লক্ষ্য কৰি খালিস্তান সমৰ্থক শিখ উগ্ৰপন্থী সংগঠনৰ আক্ৰমণ অব্যাহত আছে। কানাডাত এনেধৰণৰ আন এক আক্ৰমণ সংঘটিত হৈছে। এইবাৰ ভাৰতীয় চেলিব্ৰিটি কপিল শৰ্মাৰ কেফেত আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণৰ আঁৰত খালিস্তানী উগ্ৰপন্থী বুলি কোৱা হৈছে।

কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰে চহৰত বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ নতুনকৈ মুকলি কৰা ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা।

স্থানীয় সময় অনুসৰি বুধবাৰে নিশা সংঘটিত হয় এই আক্ৰমণ। “KAP’S CAFE” নামৰ এই ৰেষ্টুৰেণ্টখনক লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল।এই ঘটনাই স্থানীয় অঞ্চলত এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, ভাৰতৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ সক্ৰিয় সদস্য তথা ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ মষ্ট ৱাণ্টেড হিচাপে তালিকাভুক্ত সন্ত্ৰাসবাদী হৰজিৎ সিং লাড্ডীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। লাড্ডীয়ে দাবী কৰে যে কপিল শৰ্মাই কিছু মন্তব্য কৰিছিল যাৰ প্ৰতিক্ৰিয়াত এই গুলীচালনা কৰা হৈছে।

খবৰ অনুসৰি ৰেষ্টুৰেণ্টখনৰ চৌহদত একাধিক ৰাউণ্ড গুলীচালনা কৰা হয় যদিও এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। ঘটনাৰ লগে লগে স্থানীয় আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে এখন গাড়ীত উপস্থিত হৈ গুলীচালনাৰ পিছত ক্ষীপ্ৰতাৰে সেই স্থানৰ পৰা ওলাই যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই।

World Famous comedian Kapil Sharma's newly inaugurated restaurant KAP'S CAFE shot at in Surrey, BC, Canada last night.
Harjit Singh Laddi, a BKI operative, NIA's (INDIA ) most wanted terrorist has claimed this shoot out citing some remarks by Kapil@SurreyPolice pic.twitter.com/p51zlxXbOf

— Ritesh Lakhi CA (@RiteshLakhiCA) July 10, 2025

কমেডিয়ান কপিল শৰ্মাৰ ৰেষ্টুৰেণ্ট কাপছ কেফেত কমেও ৯ ৰাউণ্ড গুলীচালনা হয় বুলি কোৱা হৈছে।

ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত কপিল শৰ্মাৰ প্ৰথম পদক্ষেপ হ’ল কাপ’ছ কেফে। তেওঁৰ পত্নী গিন্নি চত্ৰথ এই উদ্যোগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত অৱস্থিত এই ৰেষ্টুৰেণ্টখন কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল।

স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু হৰজিত লাড্ডীৰ দাবীক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সহযোগিতাৰো বিষয়টোও চোৱাচিতা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

আজি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস, দেশবাসীলৈ আন্তৰিক শুভেচ্ছা

August 15, 2025 6:30 am
৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd