কংগ্ৰেছে দলে প্ৰেৰণ কৰা লিগেল নটিছ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই। সংবাদমেলত বিধায়কজনে কংগ্ৰেছৰ দলটো এটা সৰু ক্লাবলৈ পৰিণত হ’ল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে।
তেওঁ কয় “তেওঁলোকে যি কৈছে মই সেয়া হে কৈছো। আমাৰ এটাও ভোট নষ্ট হোৱা নাই। আমি ভোট দিবলৈ যোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে কৈ দিছিল। কংগ্ৰেছেই তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাইছে।”
“কংগ্ৰেছ এনেকৈ থাকিলে আমাৰ কাৰণে ভাল। ২০২৪ ত কংগ্ৰেছে ‘০’ মাৰিব আৰু ২৬ ত ‘০০ হ’বগৈ” বুলিও বিদ্ৰূপ কৰে কৰিমুদ্দিন বৰভূঞাই।
লগতে কংগ্ৰেছত কোন সভাপতি হ’ব কোন কি হ’ব তাক লৈয়ে যুদ্ধ লাগে বুলি তেওঁ কটাক্ষ কৰে।
আনহাতে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সমাশোচনাতো মুখৰ হৈ পৰে বিধায়কগৰাকী। বিজেপি চৰকাৰখন এখন লেকাম নাইকিয়া চৰকাৰ বুলি মন্তব্য কৰি বৰভূঞাই চৰকাৰৰ বিভাগ সমূহ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি অভিযোগ কৰে।
আনহাতে বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেতত কোনো পৰিকল্পনা নাই বুলিও তেওঁ দোহাৰে।
তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰীৰ বাহিৰে ৰাজ্যত কোনো দক্ষ মন্ত্ৰী নাই। প্ৰত্যাহ্বান জনাইছো প্ৰতিজন মন্ত্ৰীক, কি কাম কৰিলে ৰাজহুৱা কৰক। কংগ্ৰেছে সেই কথা উত্থাপন কৰিব লাগে নে এ আই ইউ ডি এফ- ৰ লগত লাগিব লাগে?”
আনহাতে কৰিমুদ্দিন বৰভূঞাৰ লগতে সংবাদমেলত উপস্থিত থকা বিধায়ক আমিনুল ইছলামেও বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।
বিজেপিয়ে সম্প্ৰদায়িকতাৰ নামত দেশ চলাব বিচাৰিছে বুলি অভিযোগ কৰে বিধায়কজনে। তেওঁ কয়, “যত কয়লা ,চুপাৰি ছিণ্ডিকেট হৈ আছে সেই সময়ত ধৰ্মীয় ইছুক হে গুৰুত্ব দিছে। প্ৰবীণ টোগাৰীয়াই ধুবুৰীত ১২ লাখ বাংলাদেশী আছে বুলি কৈছে।”
“তাৰ সকলো মানুহ অসমীয়া। অসমীয়া জাতিৰ মাজত বিভেদ কৰিব বিছাৰিছে। আমি এই কাৰ্যক গৰিহণা দিছো।” – ইছলামে কয়।
তেওঁ লগতে বিজেপিয়ে অসম চুক্তিক অৱমাননা কৰাৰ লগতে শ্বহীদক অপমান কৰিছে বুলিও অভিযোগ কৰে।