• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2025 9:31 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ঘোষণা অনুসৰি ২২ ছেপ্টেম্বৰত চামুণ্ডি পাহাৰ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া মহীচুৰ দশেৰা মহোৎসৱ উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা বিজয়ী কানাড়া সাহিত্যিকা বানু মুস্তাকে। চুটিগল্প সংকলন হাৰ্ট লেম্পৰ বাবে সন্মানিত ৭৭ বছৰীয়া এই লেখিকাগৰাকীক  লৈ এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে।

বিজেপি আৰু হিন্দুত্ববাদী সংগঠনে বানু মুস্তাকৰ অংশগ্ৰহণক লৈ তীব্ৰ আপত্তি জনাইছে। তেওঁলোকৰ অভিযোগ, হিন্দু ধৰ্মীয় উৎসৱৰ উদ্বোধনকাৰী হিচাপে তেওঁৰ অংশগ্ৰহণ অনুচিত। তেওঁলোক উদ্ধৃতি দিছে এটা পুৰণি ভিডিঅ’ৰ য’ত মুস্তাকে কানাড়া ভাষাক দেৱী ভুৱনেশ্বৰী হিচাপে পূজা কৰাক লৈ প্ৰশ্ন তুলিছিল। ইয়াৰ ফলত দেৱী চামুণ্ডেশ্বৰীৰ প্ৰতি তেওঁৰ বিশ্বাস সন্দেহজনক বুলি বিজেপিৰ অভিমত।

কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰণ্ডলাজে আৰু সাংসদ তেজস্বী সূৰ্যই কংগ্ৰেছ চৰকাৰৰ ওপৰত আক্রমণ কৰি কয়, বানু মুস্তাকক নিন্ত্ৰণ কৰাটো কেৱল তুষ্টিকৰণৰ ৰাজনীতি আৰু হিন্দু আৱেগক আঘাত দিয়া। প্ৰাক্তন সাংসদ প্ৰতাপ সিংহাই মন্তব্য কৰে, “লেখিকা হিচাপে তেওঁ সন্মানিত হ’লেও, দশেৰা যিহেতু ধৰ্মীয় আচৰ-অনুষ্ঠানৰ সৈতে জড়িত, সেয়ে এই অনুষ্ঠান উদ্বোধন বাবে তেওঁ উপযুক্ত নহয়।”

ইপিনে, ৰাজ্য চৰকাৰে গৃহমন্ত্ৰী জি পৰমেশ্বৰে স্পষ্টভাবে কৈছে যে দশেৰা ৰাজ্যিক উৎসৱ হিচাপে সকলো সম্প্ৰদায়ে মিলি উদযাপন কৰা উৎসৱ। ২০১৭ চনত কবি কে এছ নিছাৰ আহমেদেও মহোৎসৱ উদ্বোধন কৰিছিল বুলি উদাহৰণ দি পৰমেশ্বৰে বিজেপিৰ অভিযোগক অপ্ৰয়োজনীয় ৰাজনীতিকৰণ বুলি অভিহিত কৰে।

বানু মুস্তাকে নিজেও এক বিবৃতিত দেৱী চামুণ্ডেশ্বৰীৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰি কয়, শৈশৱতে পিতৃ-মাতৃৰ সৈতে তেওঁ দশেৰাত অংশগ্ৰহণ কৰিছিল। তেওঁ গৌৰৱৰ সৈতে কয়, “এজন কানাড়িগা হিচাপে এই উৎসৱত অংশ লোৱাৰ সুযোগ মোৰ বাবে গৰ্বৰ বিষয়। এইটো মাত্ৰ সাহিত্যিক সন্মান নহয়, ৰাজ্যৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতিনিধিত্ব।” মহীশূৰ-কোডাগুৰ সাংসদ যদুবীৰ ৱাডিয়াৰে ৰাজপৰিয়ালৰ পৰিয়ালৰ পৰা সমৰ্থন জনাই কয়, যদি মুস্তাকে পৰম্পৰাক সন্মান কৰে, তেন্তে তেওঁ অনুষ্ঠানৰ বাবে আদৰণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd