প্ৰায় ৪০ বছৰীয়া পৰম্পৰা ভংগ হ’ব কৰ্ণাটকত? ইংগিত পোৱা যাব সোনকালেই। আজি ৰাজ্যখনৰ ২২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। অহা শনিবাৰে (১৩ মে’) প্ৰকাশ পাব ফলাফল। তাৰ আগতে কৰ্ণাটকৰ ভৱিষ্যত কি হ’ব পাৰে তাৰ আভাস পাব পাৰো। নিৰ্বাচনোত্তৰ সমীক্ষাত কোনে কি ইংগিত দিছে চাও আহক।
এছিয়ানেট নিউজ-জান কী বাতঃ কৰ্ণাটকত হ’ব কঠিন যুদ্ধ। বিজেপিয়ে ৯৪-১১৭খন আসন লাভ কৰিব পাৰে। কংগ্ৰেছে ৯১-১০৮খন আসন লাভ কৰিব পাৰে। জেডিএছে লাভ কৰিব পাৰে ১৪-২৪খন আসন। নিৰ্দলীয় প্ৰাৰ্থীয়ে সৰ্বাধিক দুখন আসন লাভ কৰিব পাৰিব।
TV9 India-Pollstrat booth poll: কৰ্ণাটকত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ সম্ভাৱনা। কংগ্ৰেছে লাভ কৰিব পাৰে ৯৯-১০৯খন আসন। বিজেপিয়ে দখল কৰিব পাৰে ৮৮-৯৮খন আসন। জেডিএছে পাব পাৰে ২১-২৬খন আসন। অন্যান্যই সৰ্বাধিক চাৰিখন আসন গ্ৰহণ কৰিব পাৰে।
জি নিউজ-মেট্ৰিক্স বুথ ৰিটাৰ্ণ চাৰ্ভে: কংগ্ৰেছে ১০৩-১১৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিলৈ যাব পাৰে ৭৯-৯৪ খন আসন। জেডিএছত ২৫-৩৩খন আসন থাকিব পাৰে। নিৰ্দলীয়ই পাব পাৰে দুখন বা পাঁচখন আসন।
জি নিউজ-মেট্ৰিক্স বুথৰ ৰিটাৰ্ণ জৰীপৰ মতে কৰ্ণাটকত ত্ৰিকোণীয় বিধানসভা হ’ব অৰ্থাৎ কোনো দলেই অকলে ‘মেজিক’ ফিগাৰ পাৰ নহয়। কংগ্ৰেছ হ’ব পাৰে একক বৃহত্তম দল।
ইণ্ডিয়া টুডে-এক্সিছ মাই সমীক্ষাঃ উপকূলীয় কৰ্ণাটকত কংগ্ৰেছৰ ৪০ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে পাব পাৰে ৫০ শতাংশ ভোট। জেডিএছে ছয় শতাংশ আৰু আনসকলে চাৰি শতাংশ ভোট লাভ কৰিব পাৰে।
ইণ্ডিয়া টুডে-অক্ষ মাই ইণ্ডিয়া বুথ ৰিটাৰ্ণ জৰীপ মতে উপকূলীয় কৰ্ণাটকত কংগ্ৰেছে তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে ইয়াত ১৬খন আসন দখল কৰিব পাৰে। এই অঞ্চলত বিজেপি সদায় শক্তিশালী হৈ আহিছে।
বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে জেডিএছৰ সৈতে মিত্ৰতা কৰিবনে? কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে স্পষ্ট কৰিলে মত। কুমাৰস্বামীৰ সৈতে মিত্ৰতা কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই বুলিও তেওঁ কয়।
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আছিল একক বৃহত্তম দল। দলটো ১০৪খন আসনত জয়ী হয়। কংগ্ৰেছে ৮০খন আসন লাভ কৰে। জেডি(এছ)ই ৩৭খন আসনত জয়লাভ কৰে। নিৰ্দলীয়, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাবন্ত জনতা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে। অৰ্থাৎ কোনো দলেই ‘মেজিক ফিগাৰ’ (১১৩) পাৰ হ’ব নোৱাৰিলে।
সেই পৰিস্থিতিত কংগ্ৰেছে জেডিএছৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছিল আৰু চৰকাৰ গঠন কৰিছিল। বি এছ য়েডুৰাপ্পা মুখ্যমন্ত্ৰী হৈছিল। কিন্তু বিজেপি চৰকাৰ মাত্ৰ তিনিদিনহে চলিল। পৰ্যাপ্ত সংখ্যাৰ অভাৱত আস্থা ভোটৰ আগত ঢলি পৰে চৰকাৰ। তাৰ পিছত কংগ্ৰেছে জেডিএছৰ লগত মিলি চৰকাৰ গঠন কৰিছিল। কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল।
কিন্তু সেই মিত্ৰজোঁটৰ চৰকাৰখন বেছি দিন টিকি নাথাকিল। ১৪ মাহৰ ভিতৰতে পতন ঘটিল। নিৰ্দলীয়কে ধৰি ১৭ গৰাকী বিধায়কে পদত্যাগ কৰি বিজেপিত যোগদান কৰে। সেই পৰিস্থিতিত বিজেপিয়ে কৰ্ণাটকৰ সিংহাসন দখল কৰে। ২০১৯ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত গেৰুৱা শিবিৰে ১৫খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰে।
বিজেপিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৩৮ বছৰীয়া পৰম্পৰা সলনি কৰিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰ। কাৰণ ১৯৮৫ চনৰ পৰা কৰ্ণাটকত একেৰাহে দুবাৰকৈ কোনো দলে ক্ষমতা দখল কৰা নাই। ১৩ মে’ত ইয়াৰ (শনিবাৰে) উত্তৰ পোৱা যাব। কিন্তু আজি তাৰ আভাস পোৱা যাব।
বৰ্তমান কৰ্ণাটক বিধানসভাত ১১৬ জন বিজেপি বিধায়ক আছে। কংগ্ৰেছত আছে ৬৯ জন বিধায়ক। জেডিএছৰ বিধায়কৰ সংখ্যা ২৯ জন। বিএছপিৰ আছে এজন আৰু দুজন নিৰ্দলীয় বিধায়ক। এজন অধ্যক্ষ আছে। এখন আসন খালী।