• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই শলঠেকত টুইটাৰ; ৫০ লাখ জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 1, 2023 10:37 am
590
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ কিছুমান ছ’চিয়েল মিডিয়া একাউণ্ট আৰু টুইট ব্লক কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে টুইটাৰৰ আবেদন খাৰিজ কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে মাইক্ৰ’ব্লগিং চাইটৰ আবেদন নাকচ কৰি কোম্পানীটোক ৫০ লাখ টকা জৰিমনা বিহে।

যোৱা বছৰ টুইটাৰে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeiTY) তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯-এৰ অধীনত জাৰি কৰা আদেশক প্ৰত্যাহ্বান জনাইছিল। কেন্দ্ৰই টুইটাৰক ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট আৰু টুইট ব্লক কৰিবলৈ কয়। ইয়াৰে ৩৯টা ব্লক অৰ্ডাৰক প্ৰত্যাহ্বান জনাইছিল টুইটাৰে।

লগতে পঢ়ক: মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

২০২২ চনত টুইটাৰে নতুন তথ্য প্ৰযুক্তি (আই টি) নিয়মৰ অধীনত কেন্দ্ৰই ইয়াৰ প্লেটফৰ্মৰ পৰা কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

এই আবেদনৰ শুনানিৰ সময়ত টুইটাৰে উচ্চ ন্যায়ালয়ত কয় যে কেন্দ্ৰই এটা একাউণ্ট ব্লক কৰাৰ নিৰ্দেশত ইয়াৰ কাৰণ তালিকাভুক্ত কৰিব লাগে। ইয়াত এটা নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল যে প্ৰয়োজন হ’লে যাতে নিৰ্দেশটোক (আই টি আইন, ২০০০ৰ ধাৰা ৬৯এৰ অধীনত জাৰি কৰা) প্ৰত্যাহ্বান জনোৱা হ’ব পাৰে। ব্লক নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে চৰকাৰ আৰু টুইটাৰ প্ৰতিনিধিৰ মাজত প্ৰায় ৫০ খন বৈঠক অনুষ্ঠিত হোৱা বুলি ভাৰত চৰকাৰে জানিবলৈ দিয়ে।

কেন্দ্ৰৰ এই নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ে টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা বিহিছে। কেন্দ্ৰৰ কিছুমান ছ’চিয়েল মিডিয়া একাউণ্ট ব্লক কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে টুইটাৰে দাখিল কৰা আবেদন খাৰিজ কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। শুকুৰবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত আদালতে টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা বিহে।

লগতে পঢ়ক:গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা

 কৰ্ণাটক উচ্চ ন্যায়ালয়ে ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা দহটা ব্লক অৰ্ডাৰক প্ৰত্যাহ্বান জনাই টুইটাৰে দাখিল কৰা আবেদন খাৰিজ কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ জায়েন্ট টুইটাৰক ৩৯টা ইউ আৰ এল আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা বিহি ৪৫ দিনৰ ভিতৰত কৰ্তৃপক্ষক আদায় দিবলৈ নিৰ্দেশ দিয়ে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd