কৰ্ণাটকৰ হিজাব বিতৰ্ক অকল হিজাবত সীমাৱদ্ধ নহয়; ই গোঁড়ামী আৰু বৰ্ণবৈষ্যমৰে জড়িত

মই নতুন ভাৰত গঢ়িম, বিগত ৬০ বছৰত ভাৰতবৰিষত যি কাম নাই হোৱা, মই সেই কাম কৰি দেখুৱাম! কিন্তু গেৰুৱা বসন পিন্ধি এদল উন্মত্ত যুৱকে যেতিয়া হিজাব পিন্ধি থকা ছোৱালীক আক্ৰমণ কৰিব, মই নিঃশ্চুপ থাকিম। মই ‘বেটি বচাও, বেটি পঢ়াও’ বুলি উদ্ধাত্ত ভাষণ দিম! কিন্তু যেতিয়া সেই দেশৰ জিয়ৰীয়ে হিজাব পৰিধান কৰা বাবেই শিক্ষা গ্ৰহণত বাধা পায়, মই নিজৰ মুখত তলা মাৰি থম। হে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি জাতিৰ পিতা গান্ধীৰ আদৰ্শৰে চলাৰ কথা কয়! কিন্তু আপুনিয়েই উগ্ৰ হিন্দুত্ববাদ সমৰ্থন কৰে।

কৰ্ণাটকৰ শেহতীয়া হিজাব বিতৰ্কটো কেৱল হিজাবৰ বিষয় নহয়। আমি এখন গণতন্ত্ৰ বিশ্বাসী দেশত বাস কৰোঁ আৰু ইয়াৰ এখন সংবিধান আছে। সংবিধানৰ অনুচ্ছেদ 25-ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, সকলো ব্যক্তিৰ বিবেকৰ স্বাধীনতা আৰু ৰাজহুৱা শৃংখলা, নৈতিকতা আৰু স্বাস্থ্য সাপেক্ষে ধৰ্মক মুক্তভাৱে পালন, স্বীকাৰ আৰু প্ৰচাৰ কৰাৰ সমান অধিকাৰ আছে। আৰু আমি এক ধৰ্মনিৰপেক্ষ গণতন্ত্ৰত বাস কৰোঁ। ইতিবাচক ধৰ্মনিৰপেক্ষতাক আমি সদায় অনুসৰণ কৰি আহিছো, য’ত ৰাজ্য বা চৰকাৰে সকলো ধৰ্মক স্বাধীনতা আৰু সন্মান প্ৰদান কৰিব লাগে। আৰু ৰাজ্যৰ কোনো ধৰ্ম নাথাকিব।

কিন্তু কৰ্ণাটকৰ এই বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কি ঘটি আছে চাওক। হিজাব পিন্ধি আহিলেই কলেজ/স্কুলৰ গেট এইসকল ছাত্ৰীৰ মুখত বন্ধ কৰি দিয়া হয়। কিন্তু কিয়? কাৰণ এই শিক্ষাৰ্থীসকলে হিজাব পিন্ধি আছিল। আমি সুধিব বিচাৰো, সেই নিৰ্দিষ্ট দিনটোত কি হৈছিল? ভাৰতৰ সংবিধান সলনি হৈছিল নেকি? আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয় নেকি? হঠাতে কিয় নিয়মবোৰ সলনি হল? নিয়ম সলনি কৰিলেও, এটা অধিসূচনা থাকিব লাগে। অভিভাৱকসকলক নিয়মৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে আগতীয়াকৈ জনোৱা হয়। এইটো হঠাতে নহয়।

এজন খ্ৰীষ্টানৰ ক্ৰছ পিন্ধাৰ অধিকাৰ আছে। শিখসকলৰ পাগুৰি পিন্ধাৰ অধিকাৰ আছে। পূজাৰ পিছত হিন্দুসকলৰ লঘোণ বা তিলক পিন্ধাৰ অধিকাৰো আছে। তেতিয়াহলে মুছলমান মহিলাসকলে কিয় স্কার্ফ পিন্ধিব নোৱাৰে, যিটো তেওঁলোকৰ ধৰ্মীয় অনুশীলনৰ অংশ? আমি বুজিব লাগিব যে, সমগ্ৰ বিতৰ্কৰ হিজাবৰ সৈতে কোনো সম্পৰ্ক নাই। এয়া হৈছে বৰ্ণবৈষম্য। এইটো ধৰ্মৰ ভিত্তিত পৃথকীকৰণ আৰু বৈষম্যৰ নীতি। এইটো স্পষ্ট ইছলামোফোবিয়া। তেওঁলোকে চুল্লি আৰু বুল্লি বাই অপৰাধৰ সময়ত, প্ৰগতিশীল মুছলমান মহিলাসকলক লক্ষ্য কৰি লৈছিল আৰু এতিয়া, তেওঁলোকে হিজাব পিন্ধা শিক্ষাৰ্থীৰ পিছত লাগি আছে।

সমগ্ৰ বিষয়টোৰ হিজাবৰ সৈতে কোনো সম্পৰ্ক নাই আৰু প্ৰগতিশীল উদাৰ দৃষ্টিভংগীৰ সৈতেও কোনো সম্পৰ্ক নাই। এইটো কেৱল এটাই সত্যৰ সৈতে সম্পৰ্কিত যে এই মহিলাসকল এটা নিৰ্দিষ্ট ধৰ্মৰ। আমি এখন ঘৃণনীয় সমাজলৈ ৰূপান্তৰিত হৈ পৰিছোঁ। সাম্প্ৰদায়িক! প্ৰতিক্ৰিয়াশীল! অসহিষ্ণু!

ভাৰতৰ জনসাধাৰণ সাৰ পাবৰ হল। আমি ঘৃণাৰ ৰাজনীতিৰ উৰ্ধত উঠিব লাগিব। এইবোৰ শিক্ষানুষ্ঠান য’ত এজন ব্যক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া উচিত। শিক্ষাই শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাবে কি সৰ্বশ্ৰেষ্ঠ সেয়া নিৰ্ণয় কৰিবলৈ ক্ষমতা প্ৰদান কৰিব লাগিব। এই শিক্ষানুষ্ঠানবোৰ হৈছে য’ত আমি আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে শিকিম। আমি, শিক্ষাৰ্থী হিচাপে, সত্য আৰু ন্যায় আৰু মানৱ অধিকাৰৰ বিষয়ে যুঁজ দিবলৈ শিকা উচিত। শিক্ষাৰ অধিকাৰো এক মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰ শিক্ষাৰ্থীক দিবলৈ কেনেকৈ অস্বীকাৰ কৰিব পাৰি? যেতিয়া অধ্যক্ষ বা শিক্ষকসকলেই শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ দুৱাৰ বন্ধ কৰি দিয়ে, তাতকৈ বেদনাদায়ক আৰু কি হব পাৰে?

শিক্ষাৰ্থীসকল বিভক্ত হৈছে। শিক্ষাৰ্থীৰ এটা গোটক প্ৰতিহত কৰিবলৈ, আন এটা গোটে কান্ধত গেৰুৱা বসন , মুৰত গেৰুৱা পাগুৰি মাৰি আহিছে। তেওঁলোকে সেই মহিলা শিক্ষাৰ্থীসকলক ভয় খুৱাই আছে। ধৰ্মীয় পোছাক পিন্ধা এগৰাকী মহিলা ছাত্ৰীক গেৰুৱা পোছাক পিন্ধা ল’ৰাৰ এটা গোটেই দলৰ দ্বাৰা ভয় খুৱাই থকা হৈছে। এক কথাত নিৰ্যাতন ৰাজহুৱাভাৱে! আৰু চৰকাৰী আমোলাই ঘৰত বহি চাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়াই নেকি আপোনাৰ নতুন ভাৰত? কোনো পুলিচ নাই। অধ্যক্ষ আৰু শিক্ষাবিদসকলে শিক্ষা বিচাৰি অহা মহিলা শিক্ষাৰ্থীৰ মুখত দুৱাৰ বন্ধ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়াই নেকি আপোনাৰ পৰিৱৰ্তন?

আহক এইটো প্ৰতিক্ৰিয়াশীল নে প্ৰগতিশীল সেই বিষয়ে কথা নাপাতো আহক। আৰু যদি আপুনি সঁচাকৈয়ে এই বিষয়ে কথা পাতিব বিচাৰে, তেন্তে সেই হিজাব পৰিহিত শিক্ষাৰ্থীসকলৰ শাৰীৰিক ভাষা চাওক। তেওঁলোক ক্ষমতাশালী, তেওঁলোক তেওঁলোকৰ অধিকাৰৰ বিষয়ে অৱগত। তেওঁলোকে শিক্ষাৰ অধিকাৰৰ কথা কৈ আছে। সেয়া হৈছে সবলীকৰণ। সেয়া হৈছে জ্ঞান। গতিকে যিসকল লোকে সমগ্ৰ বিতৰ্কটো তৈয়াৰ কৰি আছে সেইসকল লোকে হয়তো পছন্দৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰৰ ধাৰণাটো সমৰ্থন নকৰে। তেওঁলোকে তেওঁলোকৰ আদৰ্শ জাপি দিব বিচাৰে আৰু ভাৰতৰ সংবিধানক অমান্য আৰু অসন্মান কৰিব বিচাৰে। অন্যথা, তেওঁলোকে চৌহদত ত্ৰিৰংগা উত্তোলন কৰিবলৈ কিয় পচন্দ কৰা নাছিল?
স্বাধীনতাৰ সমগ্ৰ পৰিৱেশটোৱেই যেন সলনি কৰাৰ যো-জা চলিছে। এয়া বিদ্বেষ। সাম্প্ৰদায়িকতা, ই গোঁড়ামি। ইয়াৰ জড়িয়তে ৰাজনীতিবিদসকল উপকৃত হব পাৰে, কিন্তু আমি, জনসাধাৰণ, হত্যা আৰু ঘৃণাত গ্ৰস্ত হওঁ। ৰাষ্ট্ৰখন ভাঙি পৰিছে। আমি বহু বছৰ পিছলৈ গৈ আছো। আৰু প্ৰতিজন ভাৰতীয়ই ইয়াৰ বিষয়ে বিচলিত হোৱা উচিত।

আমি শিক্ষাৰ ওপৰত গুৰুত্ব নিদিওঁ, আমি উন্নয়নৰ ওপৰত গুৰুত্ব নিদিওঁ, আমি নিযুক্তিৰ ওপৰত গুৰুত্ব নিদিওঁ, আমি প্ৰগতিৰ ওপৰত গুৰুত্ব নিদিওঁ। আমি ইতিবাচক চিন্তাৰ ওপৰত গুৰুত্ব দিয়া নাই। আমি কেৱল নেতিবাচক চিন্তাৰ ওপৰত গুৰুত্ব দি আছো।

চিন্তা বিকাশৰ নহয়। চিন্তা বেটি বচাও বেটি পঢ়াও নহয়। আৰু সেয়া স্পষ্ট। ইয়াৰ পৰিণাম সমগ্ৰ ৰাষ্ট্ৰৰ বাবে ভয়ংকৰ হৈ আহিছে।