NORTHEAST NOW (Assamese)

‘ভোট চুৰি’ৰ প্ৰসংগত দল বিৰোধী মন্তব্য কৰি মন্ত্ৰীত্ব হেৰুৱালে কৰ্ণাটকৰ মন্ত্ৰী কেন এন ৰাজন্যই

August 11, 2025 6:39 pm · নৰ্থ-ইষ্ট নাও

পদত্যাগ কৰিছে কৰ্ণাটকৰ সমবায় মন্ত্ৰী কে এন ৰাজন্যই। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে যেতিয়া ভোটাৰ তালিকাৰ খেলিমেলিৰ বিষয়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, তেতিয়া ৰাজন্যই দিয়া এটা মন্তব্যক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছিল।

ইয়াৰ পিছতে কংগ্ৰেছ হাইকমাণ্ডে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াক সমবায় মন্ত্ৰীগৰাকীক পদৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সেয়েহে, জ্যেষ্ঠ মন্ত্ৰীগৰাকীক বৰ্খাস্ত কৰাৰ পৰিৱৰ্তে পদত্যাগ কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে।

যোৱা ৭ মেত দিল্লীত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে কমেও ৭০-৭৫খন আসনত জয়ী হ’বলৈ ৰিগিং কৰিছিল।

উদাহৰণ দিবলৈ ৰাহুলে কৰ্ণাটকৰ একাংশ লোকসভা আৰু বিধানসভা সমষ্টিৰ ফলাফলৰ উল্লেখ কৰিছিল। কৰ্ণাটকৰ ভোটাৰ তালিকাত লাখ লাখ ভুৱা ভোটাৰ থকাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইয়াৰ পিছত কৰ্ণাটকৰ সমবায় মন্ত্ৰী ৰাজন্যই প্ৰশ্ন উত্থাপন কৰি কয় কংগ্ৰেছে এইখিনি সময়ত কি কৰি আছে? কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বেই এই তালিকাত ভুৱা ভোটাৰৰ অস্তিত্বৰ কথা জানিছিল। তেতিয়া কিয় একো কোৱা নাছিল?

কংগ্ৰেছ মন্ত্ৰীগৰাকীৰ এই মন্তব্যই কংগ্ৰেছক অস্বস্তিত পেলাইছে। যাৰ বাবে মন্ত্ৰীগৰাকীক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰা সিদ্ধান্ত লৈছে কংগ্ৰেছৰ হাইকামাণ্ডে।

Related News