কৰ্ণাটক আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কালাবুৰাগী জিলাৰ আলণ্ড বিধান সভা সমষ্টিত নিৰ্বাচনী তালিকাৰ পৰা ৫,৯৯৪ জন ভোটাৰৰ নাম আঁতৰোৱাৰ কাৰ্যৰ তদন্ত আৰম্ভ কৰিছে। ভুৱা ফৰ্ম-৭ আবেদন ব্যৱহাৰ কৰি এই ভোট আঁতৰাবলৈ চেষ্টা কৰিছিল । স্থানীয় প্ৰাৰ্থী তথা কংগ্ৰেছ নেতা বি.আৰ. পাটিলে এই কথা জানিব পাৰি ভাৰতীয় নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে। যি সকল লোকৰ আঁতৰাইছিল তাৰে কেইবাজনো ভোটাৰে স্থানীয় তহচিলদাৰৰ ওচৰতো অভিযোগ দাখিল কৰে। জালিয়াতিৰ গোচৰ ৰুজু হৈছিল যদিও নিৰ্বাচন আয়োগে গুৰুত্বপূৰ্ণ কাৰিকৰী তথ্য প্ৰকাশ নকৰাৰ বাবে তদন্ত স্থবিৰ হৈ পৰিছে।
উল্লেখ্য যে ভুৱা আবেদনৰ বিষয়ে জানিব পাৰি আলণ্ডৰ ভোটাৰসকলে স্তম্ভিত হৈ পৰে। মেকানিক শ্ৰীশৈলা বাৰাবাই আৰু কৃষক কাছিম আলীয়ে তেওঁলোকৰ বুথ লেভেল অফিচাৰ (বি এল অ’)ৰ পৰা জানিব পাৰিলে যে কোনোবাই তেওঁলোক স্থানান্তৰিত হোৱা বুলি দাবী কৰি তেওঁলোকৰ ভোট আঁতৰ কৰাৰ চেষ্টা কৰিছিল। অৱসৰপ্ৰাপ্ত অধ্যক্ষ সূৰ্য্যকান্ত গোবিন্দৰ নামত নখন ভুৱা প্ৰ-পত্ৰ পোৱা গৈছিল আন ভোটাৰৰ সবিশেষ ব্যৱহাৰ কৰি এই আৱেদনসমূহ দাখিল কৰা হৈছিল বুলি জানিব পৰা গৈছে। কিছুমান ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত আৰক্ষীৰ ঘৰৰ আঠজন সদস্যকে ধৰি সমগ্ৰ পৰিয়ালকো লক্ষ্য কৰি লোৱা হৈছিল। এই ভুৱা আবেদনসমূহ ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল আৰু ভোটাৰ হেল্পলাইনৰ দৰে নিৰ্বাচন আয়োগৰ এপৰ জৰিয়তে দাখিল কৰা হৈছিল বুলি পোহৰলৈ আহিছে। পৰীক্ষা কৰা ৬,০১৮খন আবেদনৰ ভিতৰত মাত্ৰ ২৪খন আবেদন হে প্ৰকৃত বুলি ধৰা পৰিছিল।
দুবছৰতকৈ অধিক সময় ধৰি চি আই ডিৰ তদন্ত চলি আছে যদিও নিৰ্বাচন আয়োগৰ সহায় অবিহনে আগবাঢ়িব নোৱাৰে। তেওঁলোকে ব্যৱহৃত ডিভাইচসমূহ অনুসৰণ কৰিবলৈ সম্পূৰ্ণ IP ঠিকনা আৰু পৰ্ট তথ্য বিচাৰিছিল, কিন্তু কেৱল আংশিক তথ্যহে লাভ কৰিছিল। এই এপসমূহৰ সৈতে জড়িত মোবাইল নম্বৰসমূহ আন ৰাজ্যৰ লোকৰ, যিসকলে এই একাউণ্টসমূহ সৃষ্টি কৰা নাই বুলি দাবী কৰে। তদন্তত ভুৱা লগ ইন, ফোন নম্বৰ সলনি, লুকাই থকা ইণ্টাৰনেট ঠিকনা আদিৰ সৈতে জড়িত এক চক্ৰৰ কথা পোহৰলৈ আহিছে। ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ এপসমূহৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে চিআইডিয়ে। ২০২৩ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা থকা পাটিলে কয় যে দোষীক ধৰিবলৈ আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে তথ্য প্ৰকাশ কৰিব লাগে। কিন্তু পৰিতাপৰ বিষয় যে নিৰ্বাচন আয়োগে তথ্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি নিদিলে।