শিশু সাহিত্যিক-সুলেখিকা কাৰুণ্য ভট্টাচাৰ্যলৈ ‘ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী’ৰ সন্মান

7baef44f-5a89-4015-ac3b-59326ed42795

কৃতী শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰা শিক্ষয়িত্ৰী কাৰুণ্য ভট্টাচাৰ্য। ফটো : নৰ্থইষ্ট নাও

প্ৰায় আঢ়ৈ দশকৰো অধিক কাল শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈ জ্ঞানৰ বন্তিৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাট আলোকিত কৰাৰ প্ৰচেষ্টাত নিমজ্জিত হৈ থকা শিশু সাহিত্যিক, সুলেখিকা তথা নগাঁৱৰ ঐতিহ্যমণ্ডিত হাতীচোং তিলক ডেকা স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী কাৰুণ্য ভট্টাচাৰ্য ই ২০১৮ বৰ্ষৰ ‘ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী’ৰ বটা লাভ কৰি সমগ্ৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

৫ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত ৫৭ সংখ্যক শিক্ষক দিৱস কাৰ্যসূচীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিভাগীয় শীৰ্ষ বিষয়া আৰু বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত ভট্টাচাৰ্যক আনুষ্ঠানিকভাৱে বঁটাটি প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বঁটাটিত আছে এখন গামোচা,মানপত্ৰ, শৰাই আৰু নগদ ৫ হাজাৰ টকা।

উল্লেখ্য যে, ১৯৬৩ চনৰ ১ অক্টোবৰ তাৰিখে নগাঁৱৰ ব্ৰাহ্মণগাঁৱত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যই ১৯৯৩ চনত হাতীচোং তিলক ডেকা স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ত বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পাছৰেপৰাই বিদ্যালয়খনি আৰু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সততা, নিষ্ঠা, একাগ্ৰতাৰে শিক্ষকতা কৰি অহা ভট্টাচাৰ্য শিশু সাহিত্যিক, সু-লেখিকা আৰু শিল্পীৰূপেও সু-পৰিচিত।

ছাত্ৰী অৱস্থাৰ পৰাই বিভিন্ন কাকত-আলোচনীত প্ৰবন্ধ, কবিতা, গল্প আদি লেখি যোৱা ভট্টাচাৰ্যই কেইবাখনো গ্ৰন্থ, নাটক, গীত ৰচনা কৰিছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল -‘খেলাই নহ’ল একো সামৰিবৰ হ’ল, সৰু বুলি নক’বা দেই, আজন্ম বঞ্চিতা, মইনাহঁতৰ সাধু, লিখিবলৈ চোন আৰু একো বাকী নাই আদি।

তেওঁ ৪২ ৰ শ্বহীদ তিলক ডেকাৰ জীৱন আধাৰিত এখনি নাটক ‘বীৰ তিলক ডেকা’ লিখি উলিওৱাৰ লগতে বিদ্যালয়ৰ স্মৃতি সংগীত আৰু মৌচাক, সঁফুৰা আদি আলোচনীসমূহত নিয়মীয়াকৈ গল্প, কবিতা, প্ৰবন্ধ আদি লিখি অসমীয়া সাহিত্য জগতখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে।

পূৰ্বতে নগাঁও সাহিত্য সভাৰ ‘সাধনা বটা’ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ‘শ্ৰেষ্ঠ নিবন্ধকাৰ বঁটা’ৰে বিভূষিত ভট্টাচাৰ্যই ‘ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী’ৰ সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে হাতীচোং তিলক ডেকা স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰী, হাতীচোংবাসী ৰাইজ তথা নগাঁৱৰ বিভিন্ন সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু দল-সংগঠন সমূহে।