নিৰ্বাচনী ফলাফলৰ মাজতে কাশ্মীৰৰ অনন্তনাগত উগ্ৰপন্থীৰ হাতত অপহৃত সেনাজোৱান

 

মঙলবাৰে প্ৰকাশ পালে জম্মু-কাশ্মীৰৰ বিধান সভাৰ নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনী ফলাফলৰ সমান্তৰালকৈ উগপন্থীয়ে অপহৰণ কৰিলে দুজনকৈ সেনা জোৱানক।

তাৰে এজন জোৱানে উগ্ৰপন্থীৰ হাতৰ পৰা কোনোমতে পলাবলৈ সক্ষম হয় যদিও আনজন জোৱান এতিয়াও উগ্ৰপন্থীৰ হাতত আছে।

জানিব পৰা মতে, উগ্ৰপন্থীয়ে অনন্তনাগৰ বনাঞ্চলৰ পৰা জোৱান দুজনক অপহৰণ কৰিছিল। কিন্তু এজন পলাই যাবলৈ সক্ষম হয়। এই খবৰ পাই নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে। কিন্তু শেহতীয়া খবৰলৈকে নিৰুদ্দেশ হোৱা জোৱানজনক বিচাৰি পোৱা নাই।

৩৭০ নং অনুচ্ছেদ বাতিলৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰথমটো বিধানসভা নিৰ্বাচন মাত্ৰ সমাপ্ত হৈছে।

নিৰ্বাচনৰ পূৰ্বে অঞ্চলতটোত কেইবাটাও ভয়ানক আক্ৰমণ চলাইছে উগ্ৰপন্থীয়ে। শেহতীয়াকৈ উগ্ৰপন্থীৰ এই ধাৰাবাহিক আক্ৰমণত নিহত হৈছে ভাৰতীয় সেনাৰ কেইবাজনো জোৱান। ইয়াৰ পিছত এতিয়া সেনা জোৱানৰ অপহৰণৰ ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগত অঞ্চলটোৰ পৰিৱেশ অশান্ত কৰি তুলিছে।