নেপালৰ পিছত এইবাৰ পাকিস্তানৰ মানচিত্ৰ : কাশ্মীৰ আৰু গুজৰাট সোমাল পাকিস্তানত

Imran Khan

নেপালৰ পিছত এইবাৰ পাকিস্তানে ভাৰতৰ কিছুমান অঞ্চলক নিজৰ মানচিত্ৰত অন্তভুৰ্ক্ত কৰিছে।

পাক অধীকৃত জন্মু-কাশ্মীৰ আৰু লাডাখৰ কিছু অংশৰ লগতে গুজৰাটৰ জুনাগড় আৰু মানৱগড়ৰ চাৰ ক্ৰীক অঞ্চলক পাকিস্তানৰ নতুন মানচিত্ৰত অন্তভুৰ্ক্ত কৰিছে পাকিস্তান চৰকাৰে।

সূত্ৰৰ খবৰ অনুসৰি এই মানচিত্ৰখন ইমৰান খান চৰকাৰৰ মন্ত্ৰী সভাই অনুমোদন কৰা বুলিও জানিব পৰা গৈছে।

ভাৰত চৰকাৰে জন্মু-কাশ্মীৰ বিশেষ মৰ্যাদা লোপ কৰাৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ দিনাই পাকিস্তানৰ ইমৰান খান চৰকাৰে পাকিস্তানৰ নতুন মানচিত্ৰখন উন্মোচন কৰা কাণ্ডই তাৎপৰ্য বহন কৰিছে।

মানচিত্ৰখন উন্মোচন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান কয়, “এই মানচিত্ৰ প্ৰত্যেক পাক নাগৰিক আৰু কাশ্মীৰৰ মানুহৰ আশাৰ প্ৰতীক।” এই মানচিত্ৰখন পাকিস্তানে চৰকাৰীভাৱে ব্যৱহাৰ কৰিব বুলিও জানিবলৈ দিয়ে।

পাক বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেছীয়ে কয়, “এই প্ৰথমবাৰ বাবে পাকিস্তানে বিশ্বত নিজৰ অৱস্থান স্পষ্ট কৰিলে।”

পাকিস্তানৰ এই মানচিত্ৰখন প্ৰকাশ কৰাৰ পিছত ভাৰতীয় বৈদিশক মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱ কয়, “আমি পাক প্ৰধানমন্ত্ৰী ইমৰান খান প্ৰকাশিত তথাকথিত ৰাজনৈতিক মানচিত্ৰ দৃষ্টিগোচৰ হৈছে। গুজৰাট আৰু জন্মু-কাশ্মীৰ ভুখণ্ডক দাবী কৰাটো পাকিস্তানৰ অবাস্তৱ ৰাজনৈতিক চিন্তাৰ প্ৰতিফলন। ইয়াৰ না আইনী বৈধতা আছে, না আন্তজাৰ্তিক গ্ৰহণযোগ্যতা আছে।”

ইফালে পাকিস্তানৰ এই ৰাজনৈতিক মানচিত্ৰখন প্ৰকাশ হোৱাৰ লগে লেগ গুজৰাটতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।