মহাৰাষ্ট্ৰত বিজেপি মিত্ৰোজোঁটে লাভ কৰিলে বৃহৎ সফলতা। উদ্ধৱ থাকৰে, শৰদ পাৱাৰক উৎখাত কৰাৰ পিছত বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লক্ষ্য কৰি লয়। তাৰোপৰি কাশ্মীৰৰ বিষয়টো সম্পৰ্কেও তেওঁ বক্তব্য প্ৰদান কৰে। মোদীয়ে দৃঢ় কণ্ঠেৰে ঘোষণা কৰে যে ৩৭০ অনুচ্ছেদ জম্মু-কাশ্মীৰলৈ ঘূৰি নাহে।
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰজোঁটে জয়লাভ কৰিছে। তাৰপিছতেই মুখ্যমন্ত্ৰী পদত বহি কাশ্মীৰৰ সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই আনিবলৈ বাৰ্তা প্ৰদান কৰিছে ওমৰ আব্দুল্লাই।
অৱশ্যে শনিবাৰে মোদীয়ে এটা বাৰ্তা দিলে যে বিৰোধীৰ এই সপোন বাস্তৱায়িত নহ’ব। তেওঁ কয়, “একাংশ ৰাজনৈতিক দলে দেশত দুই প্ৰকাৰৰ সংবিধানৰ বিচাৰিছে। কিন্তু মহাৰাষ্ট্ৰ জয় কৰাৰ পিছত মই স্পষ্টকৈ ক’ব বিচাৰিছো যে দেশত কেৱল আম্বেদকাৰৰ সংবিধানহে থাকিব। দ্বিতীয় সংবিধান নাথাকিব। একাংশই জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব বিচাৰিছে। কিন্তু মই আজি তেওঁলোকক কৈছো, ইচ্ছা কৰিলেও কোনেও ৩৭০ অনুচ্ছেদ ঘূৰাই দিব নোৱাৰে।”
ইয়াৰ পিছত কংগ্ৰেছক পৰজীৱী বুলি আক্ৰমণ কৰি তেওঁ কয় যে কংগ্ৰেছৰ নিজাববীয়াকৈ চৰকাৰ গঠন কৰাৰ ক্ষমতা নাই। তথাপি তেওঁলোকৰ অহংকাৰ সদায় সপ্তমত থাকে।”
মহা বিকাশ আঘাদীৰ পৰাজয়ৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰি তেওঁ কয়, ‘কংগ্ৰেছ নিজেই ডুব যাব, আনকো ডুবাই পেলাব।