আজি কাতি বিহু : মাজুলীৰ ধাননি পথাৰত চাকি জ্বলাব মুখ্য মন্ত্ৰী সোণোৱালে

IMG-20181017-WA0055-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি কাতি বিহু। পথাৰৰ শইচমুঠিৰ পূৰ্ণতাপ্রাপ্তিৰ কামনাৰে সমগ্র অসমবাসীয়ে আজি পালন কৰিব অসমীয়াৰ বাপতি সাহোন কাতি বিহু।

কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে বিহুটিক পাতিবলৈ যেন সকলো সাজু হৈ উঠিছে। চহা জীৱনৰ লগত কাতি বিহুৰ আছে এক নিবিড় সম্পৰ্ক।

পৰম্পৰা অনুসৰি আজি প্ৰতিজন অসমীয়াৰ আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতিপথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ লগতে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে জ্বলাব আকাশ বন্তি।

ঠিক সেইদৰে মাজুলীৰ ঐতিহাসিক শ্রীশ্রীআউনী আটী সত্রত পৰম্পৰাৰে আকাশ বন্তি প্রজ্বলন কৰা হ’ব। পুৱাৰ পৰা সত্রৰ বৈষ্ণৱ সকলে নামঘৰত সত্রীয়া গীত-নৃ্ত্যৰে নামঘৰ মুখৰিত কৰি তোলে। বিয়লি সত্রাধিকাৰ সম্বন্ধিতে সত্রৰ সমূহ বৈষ্ণবে নামঘৰৰ কাষতে স্থাপন কৰা ২২ জোৰা আকাশ বন্তিৰ চতুৰ্দিশে নাম গুণ গাই প্রদক্ষিণ কৰে।

ইয়াৰ পিছতে সত্রাধিকাৰ তুলসী পূজা কৰে। পুজাৰ অন্তত সত্রাধিকাৰে আকাশ বন্তি জ্বলাই সমূহৰ মংগলৰ বাবে ভগৱন্তৰ ওচৰত প্রাৰ্থনা জনায়।

ইফালে মাজুলীৰ জনজীৱনৰ লগত আধ্যাত্মিক ভাবে সংপৃক্ত হৈ থকা দুটাকৈ ধৰ্মীয় উৎসৱৰ লগতে দলীয় কাৰ্যসূচী হাতত লৈ দুদিনৰ বাবে মাজুলীত উপস্থিত হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মাজুলীৰ গড়মূৰত উপস্থিত হোৱা মুখ্য মন্ত্ৰী সোণোৱালে গড়মূৰ আৱৰ্ত ভৱনত কিছুসময় জিৰণি লৈ জিলা উপায়ুক্তৰ সভাগৃহত পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত উন্নয়ন মূলক কাম কাজৰ পৰ্যালোচনা কৰে।

নিশাটো আৱৰ্ত ভৱনতে কটাই আজি পুৱা  গান্ধী সংকল্প যাত্ৰা শীৰ্ষক এক কাৰ্যসূচীত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাগ ল’ব। উক্ত পদ যাত্ৰা গড়মূৰ আৱৰ্ত ভৱনৰ পৰা আৰম্ভ কৰি গড়মূৰ চিভিল, বৰবাৰী গাঁও, কেৰেলাগাঁও হৈ পুনৰ আৱৰ্ত ভৱনৰ চৌহদত সামৰণি পৰিব।

এই কাৰ্যসূচীত স্বচ্ছতাৰ অভিযানৰ উপৰি বৰবাৰী আৰু কেৰেলাগাঁও নামঘৰত ৰাইজৰ লগত আলোচনাতো মিলিত হ’ব মুখ্যমন্ত্ৰী সোণোৱাল।

ইয়াৰ পিছতে বিয়লি ৪.৩০ বজাত মাজুলীৰ মাজৰ দেউৰী গাঁৱত কেন্দ্রীয় ভাবে আয়োজন কৰা কাতি বিহুৰ কাৰ্যসূচীত ভাগ লৈ কৃষকৰ মংগল কামনা আৰু শইচৰ শ্ৰীবৃদ্ধিৰ বাবে ধাননি পথাৰত চাকি বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পৰা মুখ্য মন্ত্ৰী গৰাকীয়ে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ আকাশবন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ লব।