কাজিৰঙাৰ গঁড় হত্যা আৰু খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত হাৰুণ ৰছিদক আটক

Bokakhat story

বন বিভাগে আটক কৰা মষ্ট ৱান্টেড হাৰুণ ৰছিদ। ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত মষ্ট ৱান্টেড হাৰুণ ৰছিদক যোৱা নিশা আটক কৰিছে বন বিভাগে ৷

গঁড় হত্যাৰ এলানি ঘটনা আৰু গঁড়ৰ খৰ্গৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত কুঠৰী হাৰমতিৰ হাৰুন ৰছিদৰ সন্ধানত দীৰ্ঘ দিনৰ পৰাই অভিযান চলাই আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

অৱশেষত যোৱা নিশা নগাওঁৰ আমনিত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা হাৰুণ ৰছিদক আটক কৰে কাজিৰঙাৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে৷

দীৰ্ঘ দিন ধৰি পলাই আছিল কুঠৰীৰ হাৰমতিৰ নিৱাসী হাৰুণ ৰছিদ ৷

যোৱা বছৰ গঁড়ৰ খৰ্গৰ গোপন ব্যৱসায়ৰ বিৰুদ্ধে বন বিষয়া ৰমেশ গগৈয়ে চলোৱা অভিযানত হাৰুণ ৰছিদ জড়িতৰ তথ্য পোহৰলৈ আহে আৰু তেতিয়াই হাৰমতিৰ পৰা পলায়ন কৰিছিল হাৰুণ ৰছিদে ৷

সম্প্ৰতি ধৃত হাৰুণ ৰছিদক জেৰা কৰিছে বন বিষয়াই ৷ এই জেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু খৰ্গৰ গোপন ব্যৱসায়ৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷