‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীয়ে অহা-যোৱা কৰা নটা কৰিডৰ স্থাপন কৰা হ’ব’,অসমৰ নতুনকৈ নিৰ্বাচিত চৰকাৰ খনে কৰা ঘোষণা এয়া।
চৰকাৰৰ এনে ঘোষণাৰ পিছতে কাজিৰঙাত হস্তী সংৰক্ষণৰ আশা ব্যঞ্জক ৰেঙণিৰ আভাসেৰে বৰ বৰ হৰফত সংবাদমাধ্যমত শিৰোনামো প্ৰকাশ পাইছে।
বনবিভাগ আৰু বন সংৰক্ষণৰ সৈতে জৰিতসকলেও বৃহদাকাৰ প্ৰাণী বিধৰ সংৰক্ষণৰ সু-ব্যৱস্থা কৰা হ’ল বুলি সন্তুষ্টিৰে মূৰ দুপিয়াই আছে।তেওঁলোকৰ মতে অৰণ্যৰ এই বৃহৎ আকৃতিৰ জীৱ বিধে কৰিডৰ স্থাপনৰ পিছত অহা-যোৱা কৰিবৰ বাবে এক নিৰাপদ পথ বিচাৰি পাব।
তেওঁলোকৰ এনে আশাব্যঞ্জক ধাৰণাকে সাৰোগত কৰি সাধাৰণ লোকসকলেও অতিমাৰীৰ এই ভয়াৱহ সময়তো সন্তুষ্টি লভাৰ কিছু খোৰাক বিচাৰি পাইছে।কিন্তু এই প্ৰসংগতে উত্তৰ বিহীনভাবে ৰৈ যোৱা প্ৰশ্নটো হৈছে—’হস্তী সংৰক্ষণৰ ক্ষেত্ৰত কেৱল কৰিডৰ সৃষ্টিয়েই সমস্যা সমাধানৰ নৱতম উপায় হ’ব পাৰে নে?’
এই প্ৰসংগতে কাজিৰঙাত বহু দিনৰে পৰা কৰ্মৰত হৈ থাকি ৰাষ্ট্ৰীয় উদ্যান খনৰ সকলো কথা ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হোৱা বন বিভাগৰ এগৰাকী বিষয়াই এই বুলি মত প্ৰকাশ কৰিছে যে কাজিৰঙা সন্দৰ্ভত যি সাফল্যৰ কাহিনী প্ৰচাৰ কৰা হৈছে সেয়া দৰাচলতে সাৰশূন্য প্ৰচাৰহে।
তেওঁৰ মতে ‘কাজিৰঙা প্ৰকৃতিয়েই বেলেগ ধৰণৰ,য’ত যেনে ধৰণৰ সাফল্যৰ কথা কৈ থকা হৈছে সেই সাফল্যৰ ধাৰণাই পৰিস্থিতি অধিক বেয়াৰ দিশেহে লৈ যাব পাৰে!’
বন্যপ্ৰাণীৰ কৰিডৰ কি?
বন্যপ্ৰাণীৰ কৰিডৰ হৈছে এয়া সংযোগ পথ, যি পথে বন্যপ্ৰাণীয়ে বাস কৰা এটা অঞ্চলক দুই বা ততোধিক একে প্ৰকৃতিৰ অঞ্চলৰ সৈতে সংযোগ কৰে।
কিয় এনে কৰিডৰ প্ৰয়োজনীয়?
সম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে বন্যপ্ৰাণীৰ বসতিস্থলৰ সংকুচিতকৰণ আৰু সেইবোৰৰ ধ্বংসৰ পৰিণতিতে বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়টোৱে গভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে।ইয়াৰ ফলত জৈৱ-বৈচিত্ৰ্যৰো দ্ৰুত অৱনমন ঘটিছে।বন্যপ্ৰাণীয়ে খাদ্যৰ সন্ধানত অৰণ্যৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰে।
বিশেষকৈ হাতীয়ে অৰণ্যৰ বিশাল অঞ্চলত খাদ্যৰ লগতে আশ্ৰয়স্থল আদিৰ সন্ধানত বিচৰণ কৰে।হাতীৰ প্ৰাকৃতিক বসতিস্থলৰ ধ্বংসৰ লগে লগে হাতীয়ে এনেবোৰ বিষয়ত জটিল সমস্যাৰ সন্মুখীন হৈছে। কৰিডৰে বন্যপ্ৰাণীক মুক্ত ভাবে বিচৰণৰ সুবিধা দি প্ৰাকৃতিক চাহিদাসমূহ পূৰণ কৰাত সহায়ক হৈ আহিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিয় কৰিডৰৰ প্ৰয়োজন?
এক বিশাল পৰিসৰত বিস্তৃত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ পাহাৰলৈকে বিস্তৃত হৈ আছে এই বিশ্ব বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খন।বহু বছৰ আগতে কাজিৰঙা ‘কাজিৰঙা-কাৰ্বি আংলং-ইনটানকি (অসম-নাগালেণ্ড) হস্তী সংৰক্ষিত অঞ্চল’ হিচাবেই পৰিচিত হৈ আছিল। কেন্দ্ৰীয় চৰকাৰে ১৯৯৬ চনত ‘হস্তী প্ৰকল্প’ আঁচনিৰ অধীনত কাজিৰঙাক ৩২ সংখ্যক হস্তী সংৰক্ষিত অঞ্চল হিচাবে ঘোষণা কৰে।
পৰৱৰ্তী সময়ত নুমলীগড় শোধানাগাৰৰ দেৱাল নিৰ্মাণে কাজিৰঙাক নাগালেণ্ডৰ ইনটাকিৰ পৰা বিচ্ছিন্ন কৰি পেলালে। এতিয়া কাজিৰঙাৰ হস্তী সংৰক্ষিত অঞ্চল কেৱল কাজিৰঙা-কাৰ্বি আংলং অংশটোকলৈয়েই সীমাবদ্ধ হৈ পৰিছে, যি অঞ্চলক কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপ(কেকেএল) বুলি কোৱা হয়।হস্তী প্ৰকল্পৰ জৰিয়তে নাগালেণ্ডৰ পৰা অসমলৈ বিস্তৃত হৈ থকা অৰণ্যত বাস কৰা হস্তীকূলৰ নিৰাপদ চলাচলৰ বাবে যি প্ৰচেষ্টা হাতত লোৱা হৈছিল।
কিন্তু কাজিৰঙাত আজিও হাতীক সম্পূৰ্ণ সুৰক্ষিত কৰিব পৰা নগ’ল।১৯৯৭ চনত বিশ্ষ্ট হস্তী বিশেষজ্ঞ প্ৰফেছৰ ডি কে লাহিড়ী চৌধুৰীয়ে চলোৱা অদ্য.নত প্ৰকাশিত তথ্য অনুসৰি অসম-নাগালেণ্ড সীমান্তৰ নুমলীগড় হৈ কাৰ্বি আংলং (উজনি দৈগ্ৰং/নামনি দৈগ্ৰং সংৰক্ষিত বনাঞ্চল)ৰ মাজেৰে কাজিৰঙাৰ(পাণবাৰী সংৰক্ষিত বনাঞ্চল) এটা হাতীৰ অহা-যোৱা কৰা কৰিডৰ আছিল।
এই কৰিডৰ সম্ভৱতঃ নাগালেণ্ডলৈ( ইনটাকি বনাঞ্চল) সম্প্ৰসাৰিত হৈ আছিল। হস্তী বিশেষজ্ঞ গৰাকীৰ এই প্ৰতিবেদন অসম চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল । কিন্তু ইয়াৰ পিছতে নুমলীগড় শোধানাগাৰে কাজিৰঙাত দেৱাল নিৰ্মাণ কৰিছিল। উচ্চতম ন্যায়ালয়ে হাতীৰ কৰিডৰত দেৱাল নিৰ্মাণ কৰাকলৈ নুমলীগড় শোধানাগাৰক জবাবদিহি কৰাৰ পিছতহে নিৰ্মাণৰ প্ৰায় দুটা দশকৰ অন্তত দেৱাল খনৰ এটা অংশ ভাঙি পেলাইছিল।কাজিৰঙাৰ হাতীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ পাহাৰলৈ জখলাবন্ধাৰ পৰা বোকাখাতলৈ বিচৰণ কৰি ফুৰে।আমি এই অঞ্চলকেই কাজিৰঙাৰ হাতীৰ প্ৰকৃত কৰিডৰ বুলি ক’ব পাৰো!
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা কৰিডৰ সমূহ কি কি?
গাঁঠনিগত কৰিডৰ
ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তৃপক্ষইবিগত বছৰ সমূহত তিনিটা পথক কৰিডৰ হিচাবে ঘোষণা কৰি আহিছে। সেই কেইটা হ’ল ক্ৰমে কাঞ্চনজুৰি,হালধিবাৰী আৰু পাণবাৰী।
বানপানীৰ সময়ত এই তিনিটা কৰিডৰ ব্যৱহাৰ কৰিয়েই বন্যপ্ৰাণীসমূহে, বিশেষকৈ হাতীয়ে কাৰ্বি আংলঙৰ পাহাৰলৈ গতি কৰে।যদিও এই কৰিডৰ কেইটাৰ কথা বন বিভাগে কৈ আহিছে তথাপি কৰিডৰ কেইটাৰে যাতায়াত কৰা বন্য জীৱৰ সঠিক পৰিসংখ্যা বন বিভাগৰ হাতত নাই।এক কথাত কব’লৈ গ’লে এই তিনিটা হৈছে কাজিৰঙাৰ গাঁঠনিগত কৰিডৰ আৰু এই কৰিডৰ কেইটাই কাজিৰঙাৰ বহু অৰণ্য অঞ্চলক সংযুক্ত কৰিছে।কাঞ্চনজুৰি কৰিডৰটো বিশেষ গুৰুত্বপূৰ্ণ কৰিডৰ হিচাবে বিবেচিত হৈছে , কাৰণ বানপানীৰ সময়ত এই কৰিডৰেই বেছিকৈ ব্যৱহাৰ কৰে বন্যপ্ৰাণীয়ে।
সক্ৰিয় হৈ থকা কৰিডৰ
আন সক্ৰিয় হৈ থকা কৰিডৰ বন্যপ্ৰাণীয়ে প্ৰায়েই ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ ব্যৱহাৰ কৰে।এনেবোৰ অঞ্চলত বন্যপ্ৰাণীৰ সঘন বিচৰণৰ তথ্য পোৱা গৈছে। অসম চৰকাৰে শেহতীয়াকৈ যি নটা কৰিডৰৰ কথা ঘোষণা কৰিছে সেই আটাইকেইটাই পূৰ্বৰে পৰা বহু বছৰ ধৰি সক্ৰিয় হৈ থকা কৰিডৰ।চৰকাৰে সেই কেইটাকেই কৰিডৰ হিচাবে ঘোষণা কৰি এইবুলি কৈছে যে ঘোষিত কৰিডৰ কেইটাত মানুহে যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ’ব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰস্তাৱিত নটা হস্তী কৰিডৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শোহতীয়াকৈ ঘোষণা কৰা নটাকৈ হস্তী কৰিডৰে সঁচাকৈয়ে হস্তীকূলৰ সংৰক্ষণৰ সমস্যা (হস্তী-মানৱৰ সংঘাত) দূৰ কৰিব পাৰিবনে? এই কৰিডৰ কেইটাই প্ৰকৃতাৰ্থত হাতীৰ কৰিডৰ হিচাবে ব্যৱহাৰ হ’বনে?
এক খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি কাজিৰঙাক ইউনেস্কই ঐতিহ্যক্ষেত্ৰ হিচাবে ঘোষণা কৰিছে।উদ্যান খনৰ ব্যাঘ্ৰ প্ৰকল্পৰো বিশ্বজনীন পৰিচয় আছে।অসম চৰকাৰেও উদ্যাম খনৰ শ্ৰীবৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে। কিন্তু ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰকৰ বাবে বহু কথাই আজিও সম্ভৱ হৈ উঠা নাই।
ব্ৰিটিছে অসমত হাবি ভাঙি চাহ বাগিচা স্থাপন কৰাৰ ফলত বন্য জীৱৰ বসতিস্থল নোহোৱা হৈ পৰিছিল আৰু মানুহৰ বসতিস্থলত জন্তুৱে প্ৰৱেশ কৰিছিল।তেতিয়াৰে পৰাই এক কথাত কব’লৈ গ’লে বন্যপ্ৰাণীয়ে বসতিস্থলৰ সংকটত ভুগিবলৈ ধৰিছিল।কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰাৰ পিছৰে পৰা পৰ্যটন উদ্যোগৰ লগতে আনুসংগিক ক্ষেত্ৰ সমূহে উৎকৰ্ষৰ বাটত খোজ পেলাবলৈ সক্ষম হৈছিল। হোটেল, ৰিজ’ৰ্টৰ লগতে আন বহু ক্ষেত্ৰলৈ ইতিবাচক পৰিৱৰ্তন আহিছিল।পৰ্যটকৰ সমাগম বাঢ়িছিল।
এয়া সঁচা কথা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে থকা মাটিৰ দাম বৃদ্ধি পাইছিল,কৰ্মসংস্থাপনৰ ক্ষেত্ৰ খন প্ৰসাৰিত হৈছিল। ধনৱন্তসকলে জখলাবন্ধাৰ পৰা বোকাখাতৰ ভিতৰত মাটি-বাৰী কিনিবলৈ আৰম্ভ কৰিছিল।এনে কৰোতে বহু সময়ত হাতীৰ পূৰ্বৰ যাতায়াতৰ পথো বন্ধ হৈ পৰিছিল।
অসম চৰকাৰে পূৰ্বৰে পৰাসক্ৰিয় হৈ থকা নটা কৰিডৰৰ ইতিমধ্যে বন্যপ্ৰাণীয়ে ব্যৱহাৰ কৰি আছেই। এই ক্ষেত্ৰত বনবিভাগে কৰিডৰ কেইটাৰ আশে পাশে বাণিজ্যিক সম্প্ৰসাৰণৰ প্ৰভাৱ আদিৰ বিষয়ে ভালদৰে অধ্যয়ন চলোৱা উচিৎ হ’ব।
তাৎক্ষণিক ভাবে সক্ৰিয় হৈ থকা কৰিডৰ কেইটাক গাঁঠনিগত কৰিডৰলৈ ৰূপান্তৰিত কৰিলেই কাজিৰঙাৰ হাতীৰ সংৰক্ষণৰ সমস্যাটোৰ সমাধান হৈ যাব বুলি আমি নাভাবো।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰকাৰৰ এনে সিদ্ধান্তই উক্ত কৰিডৰৰ অন্তৰ্গত কৃষিভূমি সমূহক বাণিজ্যিক স্বাৰ্থত ব্যৱহাৰ কৰা ভূমিলৈ পৰিৱৰ্তন কৰিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনক বাধ্য কৰোৱাব।
এনে পদক্ষেপে বন্যপ্ৰাণীৰ সমস্যা দূৰ কৰাত কোনো ধৰণে সহায় নকৰে।তাৰ বিপৰীতে সেই অঞ্চলত কংক্ৰিটৰ একো একোখন ‘জংগল’ৰহে সৃষ্টি কৰিব।
২০১০ চনত চলোৱা এক অধ্যয়নৰ পৰা এই কথা স্পষ্ট হৈছে যে কাজিৰঙাৰ পূৰ্বৰ তিনিটা কৰিডৰ ক্ৰমে কাঞ্চনজুৰি,হালদিবাৰী আৰু পাণবাৰীৰ উপৰি কাজিৰঙাৰ বন্য জন্তুৱে বুঢ়াপাহাৰ আৰু বোকাখাতৰ কৃষিভূমিলৈও গমণ কৰে।
১৯৮৮ আৰু ১৯৯৮ ৰ সংহাৰী বানৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীয়ে এই কৃষিভূমিৰ মাজেৰেই কাৰ্বিআংলঙৰ পাহাৰলৈ যোৱাৰ তথ্য পোৱা গৈছে।
কিন্তু হাতীৰ এই যাতায়াতৰ পথত সুসভ্য মানুহে গঢ়ি তোলা বাধাৰ বাবেই হাতীবোৰ এতিয়া বিভ্ৰান্ত হৈছে।
শেহতীয়াকৈ নগাঁও বন সংমণ্ডলক অধীনষ্ঠ কুকুৰকাটা সংৰক্ষিত বনাঞ্চল কাজিৰঙাত অন্তৰ্ভূক্ত হোৱাত বন্যপ্ৰাণীৰ বাবে যাতায়াতৰ সূচল পথ এটা নিৰ্ধাৰিত হৈছে।
আজিৰ তাৰিখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান প্ৰয়োজনীয়তা কি?
আজিৰ তাৰিখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে নতুনকৈ নটা হাতীৰ কৰিডৰ ঘোষণা কৰাটো একো ডাঙৰ আৰু নতুন কথা নহয়। কাৰণ সেই কেইটা কৰিডৰ পূৰ্বৰে পৰা আছিলেই।ইয়াৰ পৰিৱৰ্তে চৰকাৰে এই বিষয়টোৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে যাতে ৰাষ্ট্ৰীয় উদ্যান খনৰ চৌদিশে থকা ভূমি কৃষি ভূমি সলনি কৰি অনা-কৃষিভূমি বা নগৰীয়া অঞ্চললৈ সলনি কৰা নহয়। কাৰণ এই পথবোৰেই হাতী আৰু অন্য জন্তুৱে চলাচল কৰি আহিছে।
চৰকাৰে লগতে এই কথাটোৰ প্ৰতিও নজৰ ৰাখিব লাগিব যাতে নটাকৈ হস্তী কৰিডৰ ঘোষণা কৰাৰ অচিলালৈ কোনেও যাতে কৃষি ভূমিক অনা-কৃষিভূমিলৈ ৰূপান্তৰিত কৰিব নোৱাৰে।
এনেবোৰ বিষয়ৰ উপৰিও কাজিৰঙাৰ উত্তৰ প্ৰান্তত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়া ৰোধৰ বাবেও চৰকাৰ সচেষ্ট হ’ব লাগিব।খহনীয়াই ইতিমধ্যে আৰিমৰা পৰিদৰ্শন বাংলোটোৰ চিন-মোকাম নোহোৱা কৰি পেলাইছে।
কাৰ্বি আংলঙ প্ৰশাসনৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তৃপক্ষই উদ্যান খনৰ বন্যজীৱৰ সঠিক আৰু নিৰাপদ চলাচলৰ বিষয়টো নিশ্চিত কৰি লাগিব। এই ক্ষেত্ৰত কাৰ্বি আংলঙৰ খনন আদিৰ কথাবোৰো মনত ৰাখিব লাগিব। কেৱল নটা কৰিডৰ ঘোষণা কৰিয়েই চৰকাৰে আত্মসন্তুষ্টি লভি বহি থাকিলে হিতে বিপৰীত হোৱাৰহে আশংকা বেছি।
( লেখক বিজয়ানন্দ (দুদুল) চৌধুৰী এগৰাকী শিক্ষাবিদ তথা বন্যপ্ৰাণীপ্ৰেমী ব্যক্তি)