NORTHEAST NOW (Assamese)

‘কৌন বনেগা কড়োৰপতি’ৰ প্ৰতিযোগীৰ ঘৰত শৌচগাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি অমিতাভ বচ্চনৰ

August 17, 2024 5:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

‘কৌন বনেগা কড়োৰপতি ১৬’ৰ শেহতীয়া খণ্ডত হোষ্ট অমিতাভ বচ্চনে প্ৰতিযোগী জয়ন্ত দুলেৰ ঘৰত এটা শৌচাগাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে৷

আগাইৰ ২৫ বছৰীয়া ছাত্ৰ তথা পাৰ্ট টাইম টিউটৰ জয়ন্ত দুলেই তেওঁৰ ভগ্নী শিখাৰ সৈতে শ্ব’টোত উপস্থিত হয়। Fastest Finger First ৰাউণ্ডত জয়লাভ কৰাৰ পাছত আৱেগেৰে আপ্লুত জয়ন্তই ভগ্নীক সাৱটি ধৰে। তেওঁ নিজৰ গভীৰ পাৰিবাৰিক দায়বদ্ধতাৰ কথা উল্লেখ কৰি মাক আৰু ভনীয়েকৰ বাবে বাথৰুম নিৰ্মাণৰ সপোন প্ৰকাশ কৰে।

প্ৰবীণ অভিনেতাজনে প্ৰতিযোগীজনক এটা শৌচাগাৰ নিৰ্মাণৰ আনুমানিক খৰচৰ বিষয়ে সুধিছিল যাৰ উত্তৰত তেওঁ কয়,৪০-৫০ হাজাৰ৷ ইয়াৰ প্ৰতি উত্তৰত বচ্চনে প্ৰতিযোগীজনক এটা শৌচগাৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷

কেবিচি ১৬ চ’নী টিভিত প্ৰচাৰিত হয় আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চ’নীএলআইভিত লাইভ প্ৰচাৰিত হয়। ২০০০ চনত ষ্টাৰ প্লাছত প্ৰচাৰিত হৈছিল এই কুইজ শ্ব’ৰ প্ৰথমটো ছিজন।

Related News