ঘৰত যদি সৰু ল’ৰা-ছোৱালী আছে তেন্তে এইবোৰ বস্তুৰ পৰা সাৱধান হওঁক

Small Kids Playing

বৰ্তমান সময়ত এনেকুৱা ব্যক্তি কমেই ওলাব যিয়ে নেকি ডিয়’ড্ৰেন্ট বা পাৰফিউম (সুগন্ধি) ব্যৱহাৰ নকৰে। লাগিলে আপোনাৰ বয়স যিমানেই নহওক, আপুনি পুৰুষ বা মহিলা যিয়েই নহওক তাক লৈ কোনেও চিন্তা নকৰে। সকলোৱে বিচাৰে তেওঁৰ শৰীৰৰ পৰা মাথোঁ বিয়পিব লাগে সুগন্ধি।

এনেক্ষেত্ৰত গোলাপ, ৰজনীগন্ধা আৰু ফলৰ সুবাসেৰে পৰিপূৰ্ণ ডিয়’ড্ৰেন্ট আৰু পাৰফিউমে গৰমৰ দিনত ঘামৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

কিন্তু এই ডিয়’ড্ৰেন্ট বা পাৰফিউম ব্যৱহাৰ কৰাৰ সময়ত যিটো কথাত আমি গুৰুত্ব নিদিও সেইটো হৈছে এই বটলসমূহত লিখা থকা নিৰ্দেশনাসমূহ। এই নিৰ্দেশনাসমূহ পালন নকৰাৰ ফলত বহু সময়ত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।

এক অধ্যয়নত এই কথা প্ৰমানিত হৈছে যে শিশুৰ আঘাত হোৱা ঘটনাৰ ১২.৭ শতাংশ আঘাত পাৰ্ছনেল কেয়াৰ প্ৰডাক্টছৰ কাৰণে সংঘটিত হয় য’ত সুবাসযুক্ত বা সুগন্ধিভৰা ডিয়’ড্ৰেন্ট আৰু পাৰফিউমৰ দৰে সামগ্ৰীও আছে। এনেধৰণৰ সামগ্ৰী শিশুৰ বাবে বহুত ক্ষতিকাৰক হ’ব পাৰে আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত পিতৃ-মাতৃয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত।

ডিয়’ড্ৰেন্ট আৰু পাৰফিউমৰ দৰে সামগ্ৰীসমূহ শিশুৱে ঢুকি পোৱা ঠাইৰ পৰা বহু দূৰত ৰখা উচিত কিয়নো যদি শিশুৱে ভুলক্ৰমে ইয়াক নিজৰ চকু, নাক, কাণ বা মুখত স্প্ৰে কৰে তেতিয়াহ’লে ই শিশুৰ কাৰণে বহুত বিপদজনক হ’ব পাৰে।

সেয়াই নহয়, যদি ঘৰত বহুকেইজন শিশু থাকে তেতিয়াও অভিভাৱকে বহু সাৱধানতা অৱলম্বন কৰিব লাগে নহ’লে শিশুসকলে এই সামগ্ৰীসমূহৰ বটল, সাফৰ আদি মুখলৈ নিয়াৰ বাবে সংক্ৰমণৰ বিপদ থাকে।

আনহাতে, শিশুৱে যদি এই ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰ কৰে, তেতিয়াহ’লেও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপোনাৰ ঘৰত যদি ১৩ৰ পৰা ১৭ বছৰৰ বয়সৰ ভিতৰৰ কিশোৰ আছে তেতিয়াহ’লেতো তেওঁলোকৰ বন্ধুবৰ্গৰ হেচাত সমস্যা অলপ বেলেগ ধৰণৰ হয়। কিছু ডাঙৰ ল’ৰা-ছোৱালীয়ে ভাল সুগন্ধিৰ বাবে নিজেই এনেকুৱা সামগ্ৰীৰ ব্যৱহাৰ কৰিব খোজে। এনেকুৱা ক্ষেত্ৰত কম বয়সতে ডিয়’ড্ৰেন্ট বা পাৰফিউমৰ অধিক ব্যৱহাৰৰ ফলত শিশুৰ শাৰীৰিক স্বাস্থ্যজনিত বহু সমস্যাই দেখা দিব পাৰে।

তদুপৰি, শিশুৱে বটলত লিখা থকা নিৰ্দেশনাসমূহ নপঢ়াকৈয়ে ইয়াক চিধাই ছালত স্পে কৰি দিয়াৰ ফলত তেওঁৰ ছালৰ এলাৰ্জি, ৰিয়েকশ্যন, এজমা আৰু শ্বাস-প্ৰশ্বাস গ্ৰহণত সমস্যাৰ দৰে কিছুমান সমস্যাই দেখা দিব পাৰে।