লক্ষ্য মোডী! আস্থা ভোটত সহজে বিজয় লাভ কৰাৰ পিছতেই বিজেপিক আক্ৰমণ কেজৰিৱালৰ

Kejriwal govt in Delhi wins confidence vote অৰবিন্দ কেজৰিৱালে বিজেপিক প্ৰত্যাহ্বান জনাই দিল্লী বিধানসভাত আজি সহজে আস্থা ভোটত জয়লাভ কৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাত আস্থা ভোটত প্ৰায় ৫৮ জন বিধায়কে আপৰ সমৰ্থনত ভোট দান কৰে। কেজৰিৱালৰ দলত মুঠ ৬২ জন বিধায়ক আছে। বিজেপিয়ে আস্থা ভোটত ৮ জন বিধায়কৰ ভোট লাভ কৰিছে।

আস্থা ভোটত জয়ী হোৱাৰ পিছত কেজৰিৱালে দাবী কৰে যে মনীষ চিছোদিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছত গুজৰাটত আপৰ ভোটৰ পৰিমান বৃদ্ধি পাইছে। যদি দিল্লীৰ উপ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয় তেন্তে আপে গুজৰাটত অধিক ভোট লাভ কৰিব। ফলত আম আদমী পাৰ্টীয়ে কোনো বাধা অবিহনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

কেজৰিৱালে কয়,”চিবিআইয়ে মনীষৰ বিৰুদ্ধে অভিযোগ অনাৰ পিছত গুজৰাটত আমাৰ ভোট ৪ শতাংশ বৃদ্ধি পাইছে। তাৰ পিছত যদি মনীষক গ্ৰেপ্তাৰ কৰা হয় আমাৰ ভোট আৰু ৬ শতাংশ বৃদ্ধি হ’ব। যদি মনীষক গ্ৰেপ্তাৰ কৰা হয় তেনেহ’লে আমি নিশ্চিতভাৱে গুজৰাটত চৰকাৰ গঠন কৰিম।‘’

তদুপৰি, কেজৰিৱালে লগতে কয়, “সকলোৱে জানে যে মনীষক গ্ৰেপ্তাৰ কৰা হ’ব। তদুপৰি, গ্ৰেপ্তাৰ কৰাটো ৰাজনীতিৰ অংশ। গতিকে এইটো চলিয়েই থাকিব।‘’

লগতে পঢ়ক: পেটৰ সমস্যাৰ বাবে ধন দিবলৈ অস্বীকাৰ বীমা কোম্পানীৰ; কাৰ্যালয়ৰ বাহিৰত বমি কৰি প্ৰতিবাদ মহিলাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি কয়, “তেওঁলোকে আনকি দিল্লীত এজন আপ বিধায়ককো ক্ৰয় কৰাত ব্যৰ্থ হৈছে। আমাৰ ৬২ জন বিধায়ক আছে। তেওঁলোকৰ ভিতৰত দুজন দেশৰ বাহিৰত আছে। এজন কাৰাগাৰত আছে।‘’