NORTHEAST NOW (Assamese)

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ কেজৰিৱাল

April 10, 2024 11:48 am · এন ই নাও নিউজ

সৰ্বোচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ আবকাৰী কেলেংকাৰীৰ পৰা উদ্ভৱ হোৱা ধন সৰবৰাহৰ গোচৰত কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থন কৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত আবেদন আগবঢ়ায়।

কেজৰিৱালৰ অধিবক্তা বিবেক জৈনে পিটিআইক জনোৱা মতে, অভিযুক্তপক্ষই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

উল্লেখ্য যে, মঙলবাৰে বিয়লি দিল্লী উচ্চ ন্যায়ালয়ে সুৰা নীতি কেলেংকাৰীত ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰীজনৰ জামিন আবেদন নাকচ কৰে।আদালতে লক্ষ্য কৰে যে, প্ৰবৰ্তন সঞ্চালকালয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰা অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ পাছত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল৷আদালতে ইডিয়ে অভিযুক্ত চৰকাৰী সাক্ষীলৈ পৰিণত হোৱা আৰু আপ,গোৱাৰ এজন নেতাই বক্তব্য দাখিল কৰা বিষয়টোও লক্ষ্য কৰে।সেয়েহে আদালতৰ দ্বাৰা কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ বুলি ধৰা হয় আৰু মুখ্যমন্ত্ৰীজনৰ আবেদন খাৰিজ কৰা হয়। সেয়েহে আদালতে পূৰ্বৰ ৰিমাণ্ড আদেশ মানি লয় – যিয়ে কেজৰিৱালক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত ১৫ এপ্ৰিললৈকে দিল্লীৰ তিহাৰ জেললৈ প্ৰেৰণ কৰিছিল।

Related News