NORTHEAST NOW (Assamese)

বিলাসী জীৱন যাপন কৰে কেজৰিৱালে : বিস্ফোৰক দাবী বিজেপিৰ

November 10, 2024 3:50 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিজকে আম আদমী বুলি দাবী কৰাৰ পিছতো বাস্তৱত বিলাসী জীৱন যাপন কৰাত অভ্যস্ত অৰবিন্দ কেজৰিৱাল! এই অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টি।

শনিবাৰে দলটোৰ আই টি চেলে কেজৰিৱালৰ খালী হোৱা বাসগৃহৰ কেইখনমান ছবি আৰু ভিডিঅ’ এক্স হেণ্ডেলত প্ৰকাশ কৰে।

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদ এৰি দিছিল অৰবিন্দ কেজৰিৱালে। লগতে মুখ্যমন্ত্ৰীৰ বাবে নিৰ্দিষ্ট বাসগৃহ এৰি দিয়াৰ কথাও ঘোষণা কৰে। অক্টোবৰ মাহত তেওঁ বাসগৃহ খালী কৰে।

কিন্তু কেজৰিৱালৰ সেই ঘৰটো বিলাসী সামগ্ৰীৰে সজাই তোলা হৈছিল বুলি অভিযোগ উত্থাপন কৰি ঘৰৰ বিভিন্ন ছবি প্ৰকাশ কৰিছে বিজেপিয়ে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াই ছবিবোৰ মুকলি কৰি দাবী কৰে যে ৰাজহুৱা কাম-কাজ বিভাগৰ তথ্য অনুসৰি, বাসগৃহৰ পাকঘৰ, শৌচাগাৰৰ পৰা বিভিন্ন কোঠাৰ চিলিঙত বহুজাতিক কোম্পানীৰ ৮০টাতকৈও অধিক স্পীকাৰ স্থাপন কৰা হৈছিল।

লগতে দিল্লীৰ কেজৰিৱালে প্ৰায় ৯৫০ লিটাৰৰ ফ্ৰীজ ব্যৱহাৰ কৰিছিল। তেওঁ লগতে দাবী কৰে যে বাসগৃহটোৰ ভিতৰত এটা বিলাসী মাল্টি জিম আছে। জিমটো কেৱল কেজৰিৱালেহে ব্যৱহাৰ কৰিছিল।

বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই দাবী কৰে যে এই সকলোবোৰ বিলাসী সামগ্ৰীৰ তালিকা শ্ৰম বিভাগত আছে। তেওঁৰ মতে, ২১ হাজাৰ বৰ্গফুটৰ এই বাংলোটোত ৫০টাতকৈও অধিক এয়াৰ কণ্ডিচনাৰ স্থাপন কৰা হৈছিল। বাংলোটোত ব্যৱহৃত টিভিৰ মূল্য আছিল ২৮.৯১ লাখ টকা।

কেৱল সেয়াই নহয়, কেজৰিৱালে চৰকাৰী পুঁজিৰ পৰা ১০ কোটি টকা খৰচ কৰি বাসগৃহটো পুনৰ নিৰ্মাণ কৰিছিল।

Related News