• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই সমগ্ৰ আক্ৰমণৰ পৰিকল্পনা আৰু পৰিচালনা কৰাৰ প্ৰমাণ লাভ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ; ইউ এ পি এ আৰু বি এন এছৰ অধীনত গোচৰ ৰুজু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2026 5:13 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহলগামত ২৬ জন অসামৰিক লোকৰ প্ৰাণহানি ঘটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হিচাপে লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছৈয়দক অভিযুক্ত কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেওবাৰে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। জম্মুৰ বিশেষ এন আই এ আদালতত দাখিল কৰা এই অভিযোগনামাত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু ইয়াৰ প্ৰক্সি গোট ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট‘ৰ (টি আৰ এফ) মুৰব্বী তথা প্ৰতিষ্ঠাপক হিচাপে আৰু ব্যক্তিগতভাৱেও হাফিজ ছৈয়দক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ আক্ৰমণৰ ষড়যন্ত্ৰ সীমান্তৰ সিপাৰৰ পৰা ৰচনা কৰা হৈছিল। তদন্তকাৰী সংস্থাই লাভ কৰা প্ৰমাণ অনুসৰি হাফিজ ছৈয়দেই পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীসকলক নিৰ্দেশ প্ৰদান কৰাৰ লগতে আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিছিল। এই অপৰাধৰ বাবে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বি এন এছ), ২০২৩ আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ), ১৯৬৭ ৰ কঠোৰ ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা আৰু অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ অনা হৈছে।

নতুনকৈ দাখিল কৰা এই পৰিপূৰক অভিযোগনামাখন হৈছে পূৰ্বৰ ১,৫৯৭ পৃষ্ঠাৰ মূল অভিযোগনামাখনৰ এক সম্প্ৰসাৰিত ৰূপ। ইয়াত আক্ৰমণত পাকিস্তানৰ ভূমিকা, ছৈয়দৰ প্ৰত্যক্ষ জড়িত থকাৰ তথ্য আৰু ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা বৈজ্ঞানিক, ফৰেনছিক তথা কাৰিকৰী প্ৰমাণসমূহ বিশদভাৱে বৰ্ণনা কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৫ ডিচেম্বৰত এন আই এয়ে দাখিল কৰা প্ৰথমখন অভিযোগনামাত পাকিস্তানত আশ্ৰয় লৈ থকা হেণ্ডলাৰ ছাজিদ জাট, ২০২৫ চনৰ জুলাই মাহত ‘অপাৰেচন মহাদেৱ‘ত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদী, গ্ৰেপ্তাৰ হোৱা দুজন অভিযুক্তৰ লগতে আক্ৰমণৰ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবা আৰু টি আৰ এফৰ নাম উল্লেখ কৰিছিল।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত পেহলগামৰ বাইছৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল। এই জঘন্য আক্ৰমণত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় গাইডকে ধৰি মুঠ ২৬ জন লোক নিহত হৈছিল। ঘটনা সন্দৰ্ভত প্ৰথমে পেহলগাম আৰক্ষী থানাত এখন এজাহাৰ ৰুজু কৰা হৈছিল যদিও প্ৰাথমিক তদন্তৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সমগ্ৰ গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ হাতলৈ হস্তান্তৰ কৰিছিল। বৰ্তমান ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই পাকিস্তানৰ পৰা পৰিচালিত সমগ্ৰ সন্ত্ৰাসবাদী নেটৱৰ্কটো উৎখাত কৰিবলৈ আৰু এই আক্ৰমণৰ আঁৰত থকা সকলো হেণ্ডলাৰ তথা আনুষংগিক সম্পৰ্ক পোহৰলৈ আনিবলৈ নিজৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd