অসমৰ বিদ্যালয় বন্ধ কৰাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত ৰাজ্যৰ ৩৬ খনৰো অধিক বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আনকি অসমৰ বহু বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

টুইটাৰত অৰবিন্দ কেজৰিৱালে কয় : বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে, বিদ্যালয়বোৰ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক।উল্লেখ্য চৰকাৰী শিক্ষা ব্যৱস্থালৈ চকুত লগা পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ কথা আমেৰিকাৰ বিখ্যাত ’নিউয়ৰ্ক টাইমছ’ কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পাইছে। তেনে সময়তে অসমত চৰকাৰে বিদ্যালয় বন্ধ কৰিবলগীয়া হোৱা কথাই বহুতকে চিন্তিত কৰি তুলিছে।


দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই কিছুদিন আগতে বিধানসভাত কৈছিল যে আপ চৰকাৰৰ কাৰ্যকালত শিক্ষা ব্যৱস্থাৰ ব্যাপক উন্নতি হৈছে। তেওঁ নিজৰ এই বক্তৱ্যৰ সমৰ্থনত তথ্যও দাঙি ধৰিছিল। তেওঁ দাঙি ধৰা তথ্য অনুসৰি দিল্লীৰ আপ চৰকাৰে বিদ্যালয়সমূহত ১৩,১৮১টা শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে।

তদুপৰি, দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৩লাখলৈ বৃদ্ধি পাইছে। সেইদৰে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ বাবে আপ চৰকাৰে ২০খন বিদ্যালয় স্থাপন কৰিছে। আগন্তুক দিনত আৰু ১১খন বিদ্যালয় স্থাপনৰ কথাও বিধানসভাত জানিবলৈ দিছিল ছিচোদিয়াই।

দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনাইছিল,’’অহা শিক্ষাবৰ্ষৰ পৰা দিল্লীৰ সকলো চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়সমূহত ‘দেশভক্তি’ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ’ব।‘’

তেওঁ লগতে কৈছিল যে দিল্লী বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনক নতুনকৈ সজাই তোলা হৈছে। ৩০খন বিদ্যালয়ক এতিয়ালৈকে অনুমোদন দিয়া হৈছে।