NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ লগত মিত্ৰতা নহয় : অকলেই যুঁজিব কেজৰিৱালে

December 11, 2024 12:29 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলে যুঁজিব। ইণ্ডিয়া আৰু কংগ্ৰেছৰ লগত মিত্ৰতাৰ কোনো সম্ভাৱনা নাই। এই কথা সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে।

ইয়াৰ পূৰ্বে কেজৰিৱালে দিল্লীৰ বিধানসভা নিৰ্বাচন বিৰোধী ঐক্য ইণ্ডিয়াৰ লগত একেলগে খেলিব বুলি ওলোৱা বাতৰিটোক উৰা বাতৰি বুলি কৈছে কেজৰিৱালে।

ইয়াৰ পূৰ্বে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰই দাবী কৰিছিল যে আপে কংগ্ৰেছক ১৫খন আসন দিব। তাৰ লগতে আন দলসমূহক আৰু ১ৰ পৰা ২খন আসন দিয়া হ’ব। বাকীবোৰত আপে যুঁজিব।

কিন্তু শেহতীয়াকৈ কেজৰিৱালে কয় যে ‘আম আদমী পাৰ্টিয়ে নিজৰ শক্তি অনুযায়ী দিল্লী নিৰ্বাচনত অকলে যুঁজিব। কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নাই।

Related News