অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ আবাস গৃহ পুনঃনিৰ্মাণ কৰাৰ বিষয়টো সম্পৰ্কে তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় সতৰ্কতা আয়োগে যোৱা ১৩ ফেব্ৰুৱাৰীত এই বিষয়টৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।
কেন্দ্ৰীয় ৰাজহুৱা কাম-কাজ বিভাগৰ প্ৰতিবেদন ওলোৱাৰ পিছতে এই নিৰ্দেশ দিয়া হৈছে। ৮ একৰ ভূমিত নিৰ্মিত মুখ্যমন্ত্ৰীৰ আবাসগৃহ নিৰ্মাণত বহু অনিয়ম হোৱা বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অভিযোগ কৰিছিল যে বাংলোটোৰ পুনঃনিৰ্মাণৰ বাবে ৪৫ কোটিৰো অধিক ধন ব্যয় কৰা হৈছে।
উল্লেখ্য যে ২০১৫ চনৰ পৰা ২০২৪ চনলৈ এই বাংলোটোত মুখ্যমন্ত্ৰী হিচাপে বসবাস কৰিছিল অৰবিন্দ কেজৰিৱালে।
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে লেফটেনেণ্ট গৱৰ্ণৰ (এলজি) ভি কে ছাক্সেনাক অভিযোগ কৰিছিল যে কেজৰিৱালৰ বাংলোটো অবৈধভাৱে চাৰিটা চৰকাৰী সম্পত্তি একত্ৰিত কৰি নিৰ্মাণ কৰা হৈছে।
২০২৪ চনৰ ৯ ডিচেম্বৰত বিজেপিয়ে বাংলোটোৰ ভিতৰৰ দৃশ্য প্ৰচাৰ কৰাৰ লগতে অৰবিন্দ কেজৰিৱালক তীক্ষ্ণ সমালোচনা কৰিছিল।
বিজেপিয়ে কেজৰিৱালক ঠাট্টা কৰি কৈছিল, ‘‘কেজৰিৱালে আগতে কৈছিল যে মই চৰকাৰী ঘৰ নলওঁ, কিন্তু মুখ্যমন্ত্ৰী হৈ তেওঁ থাকিবলৈ ৭ তাৰকাযুক্ত ৰিজ’ৰ্ট নিৰ্মাণ কৰি লৈছিল।”
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে দাবী জনাইছে যে কেজৰিৱালে নিজৰ বাংলো সজ্জাৰ বাবে প্ৰায় ৪৫ কোটি টকা কিয় আৰু কেনেদৰে খৰচ কৰিলে সেয়া দিল্লীবাসীক জনাব লাগে।
তেওঁ অভিযোগ উত্থাপন কৰি কয় যে যি সময়ত কভিড অতিমাৰীৰ বাবে বহু ৰাজহুৱা উন্নয়নৰ কাম বন্ধ হৈ পৰিছিল সেই সময়ত কেজৰিৱালে ৪৪.৭৮ কোটি টকা ব্যয় কৰি মুখ্যমন্ত্ৰীৰ আবাস গৃহ সাজিছিল।
এই অভিযোগৰ ভিত্তিত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই চি বি আইৰ সঞ্চালক প্ৰবীণ ছুদলৈ চিঠি লিখি মুখ্যমন্ত্ৰী গৃহ পুনঃনিৰ্মাণৰ বিষয়টোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল।
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত চিবিআইয়ে এই গোচৰৰ প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কেজৰিৱালে কোভিডৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰায় ৪৫ কোটি টকা ব্যয় কৰিছিল। এই ধন চৰকাৰী কোষাগাৰৰ পৰা লোৱা হৈছিল। কেৱল অভ্যন্তৰীণ আৰু সজ্জাৰ বাবে ব্যয় কৰা প্ৰায় ১১.৩০ কোটি টকা ব্যয় কৰা হৈছল।
উল্লেখ্য যে ২০১৩ চনৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কেজৰিৱালে গাজিয়াবাদৰ কৌশাম্বী অঞ্চলত বাস কৰিছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁ মধ্য দিল্লীৰ তিলক লেনত থকা এটা ঘৰত বাস কৰিছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া আম আদমি পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল তেতিয়াৰ পৰা তেওঁ উত্তৰ দিল্লীৰ চিভিল লাইনছ এলেকাৰ ৬ নং ফ্লেগ ষ্টাফ ৰোডত মুখ্যমন্ত্ৰীৰ এই আবাস গৃহটোত থাকিবলৈ লৈছিল।