• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তনৰ ঢৌ! জাৰ্মানীৰ উগ্ৰ সোঁপন্থী চ্যান্সেলৰ প্ৰাৰ্থী ৱেইডেলে কয় সাৱলীল চীনা ভাষা, আছে বহুমুখী গুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ ৰাজনৈতিক দল অলটাৰনেটিভ ফৰ জাৰ্মানী (AfD)ৰ সহ-নেত্ৰী এলিছ ৱেইডেল কেইবাটাও কাৰণত ব্যতিক্ৰমী ব্যক্তি। এফালে তেওঁৰ উগ্ৰ সোঁপন্থী দলত পুৰুষৰ আধিপত্য। আনহাতে, অনুপ্ৰৱেশ বিৰোধী দলটোৱে নিজকে পৰম্পৰাগত পাৰিবাৰিক মূল্যবোধ আৰু সাধাৰণ জনতাৰ ৰক্ষক হিচাপে উপস্থাপন কৰে। অৱশ্যে এইবোৰ ৱেইডেলৰ বিৰোধী যেন লাগে।

৪৬ বছৰীয়া ৱেইডেলৰ সংগী শ্ৰীলংকাত জন্মগ্ৰহণ কৰা এগৰাকী মহিলা। দুয়ো একেলগে দুটা দত্তক লোৱা সন্তানক ডাঙৰ-দীঘল কৰিছে।

Apply Now

ৱেইডেল এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হিচাপেও পৰিচিত। তেওঁ চীনত অৰ্থনীতিত পি এইচ ডি কৰিছিল। তেওঁ ইংৰাজী আৰু মেণ্ডেৰিন ভাষা সাৱলীলভাৱে ক’ব পাৰে।

ৱেইডেলৰ জন্ম হৈছিল পশ্চিম জাৰ্মানীত। কিন্তু তেওঁৰ নেতৃত্বত থকা এ এফ ডি পূৰ্বৰ পূব জাৰ্মানীত আটাইতকৈ জনপ্ৰিয়, যাক পূৰ্বৰ কমিউনিষ্ট জাৰ্মানী বুলিও কোৱা হয়। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ৱেইডেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ বেংক গোল্ডমেন চেক্চ আৰু জাৰ্মানীৰ এলিয়ানজ গ্ল’বেল ইনভেষ্টৰ্ছত কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ কিছুদিন ফ্ৰীলান্স বিজনেছ কনচালটেণ্ট হিচাপে কাম কৰি আহিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৱেইডেল তেওঁৰ ব্যতিক্ৰমী কেৰিয়াৰৰ বাবেই এএফডিৰ বাবে এক “সম্পদ” হৈ পৰিছে। তেওঁলোকৰ মতে, জাৰ্মান কৰ্তৃপক্ষই AfDক গণতন্ত্ৰ বিৰোধী বুলি গণ্য কৰে। কিন্তু ৱেইডেলৰ উদাৰ মনোভাৱৰ বাবেই দলটোৱে সমাজৰ বহু লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে।

ৱেইডেলক প্ৰায়ে ক’লা চুট, বগা চাৰ্ট, ডিঙিত মুকুতাৰ মালা পিন্ধা দেখা যায়। বিশ্লেষকসকলৰ মতে তেওঁৰ সহযোগী একাংশতকৈ বহু ক্ষেত্ৰত তেওঁ অধিক দক্ষ। অৱশ্যে সমালোচকসকলে তেওঁক ভয়ংকৰ সুবিধাবাদী আৰু ‘ভাল মানুহৰ মুখাধাৰী’ বুলি গণ্য কৰে।

এ এফ ডি বৰ পুৰণি দল নহয়। ১২ বছৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰা এই দলটোৱে আজি দেওবাৰৰ দিনটোত জাৰ্মানীৰ নিৰ্বাচনত ভাল অৱস্থাত আছে। এই নির্বাচনৰ জৰিয়তে জার্মান ৰাজনৈতিক ক্ষেত্রত দলটোৱে নিজৰ শক্তিশালী স্থিতি প্রদর্শন কৰিব বুলি ধাৰণা কৰা হৈছে৷ আনকি এই দলটোৱে ইউৰোপৰ সৰ্ববৃহৎ অৰ্থনীতিৰ শাসন ব্যৱস্থা জটিল কৰি তুলিব পাৰে বুলিও আশংকা কৰা হৈছে।

জাৰ্মানীৰ বথুম বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞানী অলিভাৰ লেম্বকে কয় যে ভিডেল এনে এজন ব্যক্তি যিয়ে এ এফ ডিৰ পৰম্পৰাগত ৰাজনৈতিক সমষ্টিৰ বাহিৰৰ বহল জনসংখ্যা আৰু মধ্যম বুৰ্জোৱা শ্ৰেণীক আকৰ্ষণ কৰিব পাৰে। “দলটোৰ উন্মাদ আৰু চৰমপন্থীৰ মাজত তেওঁকে একমাত্ৰ পৰিপক্ক যেন লাগে।’

এই নেতাৰ অধীনত যোৱা কেইবছৰমানৰ পৰা AfD ৰ সমৰ্থন বৃদ্ধি পাইছে। সেই সময়ত দলটোৱে মূলতঃ অনুপ্ৰৱেশ বিৰোধী আৱেগ আৰু চ্যান্সেলৰ অলাফ শ্বাল্টজৰ ভংগুৰ মিত্ৰজোঁটৰ কাম-কাজক লৈ হতাশাৰ পৰা লাভৱান হৈছিল। যোৱা নৱেম্বৰ মাহত শ্বাল্টজৰ নেতৃত্বত মিত্ৰজোঁট ভাঙি পৰিছিল।

শেহতীয়াকৈ জাৰ্মানীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে। এই ঘটনাই ৱেইডেলক লৈ ক্ষোভৰ সৃষ্টি কৰিছে। এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত কেইবাজনো অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

আজিৰ নিৰ্বাচনৰ বাবে কৰা কিছুমান সমীক্ষাত দেখা গৈছে যে ৰক্ষণশীল খ্ৰীষ্টান ডেম’ক্ৰেটিক ইউনিয়ন (চিডিইউ)ৰ সমৰ্থন সৰ্বাধিক, ২৯ শতাংশ। ইয়াৰ পিছতে আছে ২১ শতাংশৰে এ এফ ডি। শ্বাল্টজৰ নেতৃত্বত ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি (এছ পি ডি) ১৬ শতাংশৰে তৃতীয় স্থানত আছে।

এইবাৰৰ পূৰ্বে কেতিয়াও কোনো চ্যান্সেলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই এফ ডিয়ে। ইতিমধ্যে ৱেইডেলে স্বীকাৰ কৰিছে যে তেওঁৰ দলটোৱে বৰ্তমান চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা কম। তেওঁৰ এই মন্তব্যৰ ফলত আন দলসমূহে এ এফ ডিৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰে। ফলত এ এফ ডিৰ চাৰিওফালে এক প্ৰকাৰৰ অসহযোগ মনোভাৱ গঢ় লৈ উঠিছে।

কিন্তু এই মনোভাৱ ছিন্নভিন্ন হোৱাৰ সম্ভাৱনা আছে। ৰক্ষণশীল চিডিইউৰ মুৰব্বী ফ্ৰেড্ৰিখ মেৰ্জে যোৱা মাহত এএফডিৰ সৈতে পোনপটীয়াকৈ কাম নকৰাৰ পৰম্পৰা ভংগ কৰিছিল। সংসদত অনুপ্ৰৱেশ বিৰোধী বিধেয়ক গৃহীত কৰিবলৈ তেওঁ পোনপটীয়াকৈ দলৰ সমৰ্থন বিচাৰিছে। অৱশ্যে তেওঁ এ এফ ডিৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনা নুই কৰিছে।

ৱেইডেলৰ মতে আজিৰ নিৰ্বাচনে এ এফ ডিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা বিভাজনমূলক আৱেগক ভাঙি পেলাব। শেহতীয়াকৈ তেওঁ কয় যে এ এফ ডিৰ সমৰ্থনতহে ৰক্ষণশীলসকলে প্ৰকৃত পৰিৱৰ্তন কাৰ্যকৰী কৰিব পাৰিব।

ৰাজনৈতিক উত্থান

ৱেইডেলে তেওঁৰ লালন-পালনক “গুৰুত্বপূৰ্ণভাৱে ৰাজনৈতিক” বুলি বৰ্ণনা কৰিছে। যদিও তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই কোনো ৰাজনৈতিক দলৰ নাছিল।

তিনিজন ভাই-ভনীৰ ভিতৰত ৱেইডেল সৰু। ৱেইডেলে কয় যে তেওঁ স্কুলত অতি যুক্তিবাদী আছিল। অৰ্থনীতিবিদৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ৱেইডেলে কয় যে পশ্চিম জাৰ্মানীৰ নিজৰ গৃহ চহৰত চৰকাৰী সামাজিক গৃহত বাস কৰা মধ্যপ্ৰাচ্যৰ অনুপ্ৰৱেশকাৰীৰ সৈতে তেওঁৰ অভিজ্ঞতা সুখৰ নহয়।

চুইজাৰলেণ্ডৰ আলোচনী ৱেল্টভোচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৱেইডেলে কয় যে যদি মানুহে আপোনাক সদায় ‘বেয়া ছোৱালী’ বা তেনেকুৱা কিবা এটা বুলি কয় তেন্তে আপুনি বাহিৰলৈ ওলাবলৈ সিমান ভাল নাপাব।

ব্যৱসায় আৰু অৰ্থনীতি অধ্যয়ন কৰাৰ পিছত ৱেইডেলে গোল্ডমেন চেক্চত কাম আৰম্ভ কৰে। নিৰুৎসাহিত হৈ তেওঁ চীনলৈ ৰাওনা হয়। তাতে তেওঁ দেশৰ পেঞ্চন ব্যৱস্থাৰ ওপৰত পি এইচ ডি কৰিছিল। তেওঁ ব্যৱসায়িক পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

২০১৩ চনত ৱেইডেলে এ এফ ডিত যোগদান কৰে। সেই সময়ত সংকটৰ সময়ত ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন) অৰ্থনৈতিক পুনৰুদ্ধাৰ কাৰ্যসূচী (বেইল আউট)ৰ বিৰোধিতা কৰাৰ বাবেই তেওঁ দলটোৰ প্ৰতি আকৰ্ষিত হৈছিল। অৱশ্যে দলটো এতিয়াৰ দৰে অনুপ্ৰৱেশ বিৰোধী নাছিল।

অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ৱেইডেল এজন উদাৰবাদী। প্ৰয়াত ব্ৰিটিছ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক তেওঁ নিজৰ আদৰ্শ বুলি গণ্য কৰে। তেওঁৰ আশা যে যদি ইউৰোপীয় ইউনিয়নে নিজকে পৰ্যাপ্ত সংস্কাৰ কৰিব নোৱাৰে তেন্তে ব্ৰিটেইনৰ দৰে গণভোটৰ জৰিয়তে জাৰ্মানীয়ে ইউৰোপীয় ইউনিয়নৰ পৰা ওলাই অহাটো ভাল হ’ব।

জলবায়ু পৰিৱৰ্তনক লৈ সন্দেহ প্ৰকাশ কৰিছে ৱেইডেল। তেওঁ কৰৰ হাৰ কম ৰখাৰ পক্ষত। একে সময়তে তেওঁ নূন্যতম মজুৰি বিলুপ্ত কৰিব বিচাৰিছে। লগতে ৰাষ্ট্ৰখন উজলাই ৰাখিব বিচাৰে। অৰ্থনীতিক কাৰ্বন নিউট্ৰেললৈ ৰূপান্তৰিত কৰাৰ বিৰোধীও কাৰণ ই ব্যয়বহুল।

এই বহুমুখী ৰাজনীতিবিদগৰাকীয়ে কঠোৰ অনুপ্ৰৱেশ নীতিৰ পোষকতা কৰে। যোৱা কিছু বছৰত মধ্যপ্ৰাচ্যৰ পৰা অহা বৃহৎ সংখ্যক অনুপ্ৰৱেশকাৰীক লৈ জাৰ্মানীত অসন্তুষ্টি ক্ৰমাৎ বৃদ্ধি পাইছে। তাৰ সদ্ব্যৱহাৰ কৰিলে।

বহুমুখী গুণৰ অধিকাৰী

ড্ৰেছডেন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ ৰাজনীতি বিজ্ঞানী হান্স ভাৰ্লেণ্ডাৰৰ মতে ৱেইডেলৰ শক্তি তেওঁৰ “বহুমুখী গুণ”ত নিহিত হৈ আছে। তেওঁৰ মতে সংবাদ মাধ্যমৰ বাবে ৱেইডেল এজন ‘সহিষ্ণু, সু-শিষ্ট বুৰ্জোৱা ৰাজনীতিবিদ’। ছ’চিয়েল মিডিয়া আৰু অন্যান্য প্লেটফৰ্মত উগ্ৰ দৰ্শকৰ সৈতে কথা পাতিবলৈও তেওঁ ভালদৰে জানে।

ৱেইডেলে স্বীকাৰ কৰে যে তেওঁৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত তেওঁৰ দলৰ ভিতৰত কিছু মতানৈক্য আছিল। কাৰণ তেওঁৰ দলটোৱে সমলিংগ বিবাহ সম্পৰ্কীয় জাৰ্মানীৰ বৰ্তমানৰ আইনখনৰ বিৰোধিতা কৰিছে।

ৰাজনীতি বিজ্ঞানী অলিভাৰ লেমবকৰ মতে, ৱেইডেলে নিজৰ পৰিচয়ক লৈ ইমান চিন্তিত নহয়। তেওঁ সমকামী বুলিও কোৱাটো নিবিচাৰে। কিন্তু নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ দলৰ বিভিন্ন অংশৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ কৌশল আয়ত্ত কৰিছে। গতিকে দলৰ উগ্ৰপন্থী উপাদানক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁ সেইবোৰ সহ্য কৰি আছে।

২০১৭ চনত জাৰ্মানীত সমলিংগ বিবাহ বৈধতা প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁ মন্তব্য কৰে যে ইমিগ্ৰেচনৰ কথা নক’লে এই বিষয়ে কোৱাটো অগুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd