NORTHEAST NOW (Assamese)

কেৰালাৰ এগৰাকী শ্ৰমিকৰ জীয়ৰী উত্তীৰ্ণ অসামৰিক সেৱা পৰীক্ষাত

September 26, 2021 6:44 pm · এন ই নাও নিউজ

কেৰালাৰ তিৰুৱন্তপুৰমৰ এগৰাকী নিৰ্মাণ শ্ৰমিকৰ জীয়ৰীয়ে লাভ কৰিছে এক ইৰ্ষণীয় সফলতা ।

অশ্বতী এছ নামৰ যুৱতী গৰাকীয়ে শুকুৰবাৰে ঘোষিত ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন (ইউপিএছচি)ৰ অসামৰিক সেৱা পৰীক্ষা-2020 ত 481 তম স্থান অৰ্জন কৰি উত্তীৰ্ণ হৈছে।

শনিবাৰে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ANIৰ সৈতে হোৱা সাক্ষাৎকাৰত অশ্বতীয়ে কয়, “অসামৰিক সেৱা পৰীক্ষাত এইটো মোৰ চতুৰ্থ প্ৰয়াস আছিল। যোৱা তিনিবাৰ মই প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিলো আৰু মই অলপ উদ্বিগ্ন আছিলোঁ। মই এতিয়া সুখী।”

“এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ, মই লিখাৰ অনুশীলনী আৰু সৰ্বাধিক সমল উন্নতিৰ ওপৰত গুৰুত্ব দিছিলো, যাতে মই বিষয়বস্তু সম্পৰ্কে ভালদৰে প্ৰকাশ কৰিব পাৰো।”- এইদৰে কয় যুৱতী গৰাকীয়ে।

অশ্বতীৰ সাফল্যত আনন্দিত দেউতাক শ্ৰীযুত প্ৰেমকুমাৰে কয়, “মই বহুত সুখী। কঠিন পৰিস্থিতিত অধ্যয়ন কৰি অশ্বতীয়ে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই তাইক লৈ গৌৰৱান্বিত। অশ্বত পঢ়াশুনাত পূৰ্বৰে পৰা মেধাৱী আছিল।”

উল্লেখ্য যে শুকুৰবাৰে ইউপিএছচিয়ে অসামৰিক সেৱা পৰীক্ষা, ২০২০ৰ চূড়ান্ত ফলাফল ঘোষণা কৰে য’ত মুঠ ৭৬১ জন প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া হৈছে।

বিহাৰৰ শুভম কুমাৰে এই পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰে।

Related News