জঘন্য! নিজৰ দুই কন্যাক ধৰ্ষণঃ পাষাণ পিতৃক ১২৩ বছৰৰ কাৰাদণ্ড দিলে আদালতে

man raped his two daughters

মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে কেৰালাত। নিজ কন্যাক ধৰ্ষণ কৰিছে এক পাষাণ পিতৃয়ে। জানিব পৰা মতে ধৰ্ষক পিতৃৰ দুগৰাকী কন্যা। জ্যেষ্ঠ কন্যা বাৰে বাৰে ধৰ্ষণৰ বলি হৈছে জন্মদাতা পিতৃৰ।

জ্যেষ্ঠ কন্যা একাধিকবাৰ পিতৃৰ যৌনতাৰ বলি হোৱাৰ লগতে কনিষ্ঠ নাবালিকা কন্যাও শাৰীৰিক-মানসিক নিৰ্যাতনৰ বলি হৈছে পিতৃৰ। কেৰালাৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে এইগৰাকী পিতৃক।

কেৰালাৰ ফাষ্ট ট্ৰেক আদালতে এই জঘন্য অপৰাধ সংঘটিত কৰাৰ বাবে অভিযুক্তক ১২৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে তেওঁৰ নাবালিকা কন্যাক কৰা নিৰ্যাতনৰ বাবেও তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহিছে।

ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বাবে আইপিচিৰ চাৰিটা ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে। অভিযুক্ত পিতৃক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬(৩)ৰ লগতে নাবালিকাক ধৰ্ষণ কৰাৰ বাবে পকচো আইনৰ ধাৰা ৫(১)ৰ আৰু পকচো আইনৰ ধাৰা ৫(এম)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে।

প্ৰতিটো শাস্তিৰ বাবে ৪০ বছৰৰ কাৰাদণ্ড ধাৰ্য কৰা হৈছে। আদালতে অভিযুক্তক কিশোৰ-কিশোৰী ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত তিনি বছৰৰ অধিক কাৰাদণ্ডও বিহিছে। সৰ্বোপৰি, জ্যেষ্ঠ কন্যাক কৰা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বাবে ১২৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

ইয়াৰ লগতে আদালতে ৭ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে। অৱশ্যে, ওপৰোক্ত ধাৰাবোৰ একেলগে প্ৰযোজ্য হৈ থাকিব। ফলস্বৰূপে, অভিযুক্ত পিতৃয়ে তেওঁৰ জ্যেষ্ঠ কন্যাৰ ওপৰত চলোৱা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বাবে ৪০ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে।

লগতে আদালতে নাবালিকা কনিষ্ঠ কন্যাক যৌন নিৰ্যাতন কৰাৰ বাবে তেওঁক ১.৮৫ লাখ জৰিমনা বিহিছে।