নিৰুদ্দিষ্ট মেকুৰীক লৈ ৭৯বছৰীয়া বৃদ্ধক আক্ৰমণৰ নাতিয়েকৰ

কেৰালাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড৷ৰাজ্যখনৰ থ্ৰিছুৰৰ এডাক্কুলামত পোহনীয়া মেকুৰী এটা নিৰুদ্দিষ্ট হোৱাৰ বাবে নাতিয়েকে এজন ৭৯ বছৰীয়া ব্যক্তিক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ মতে, পোহনীয়া মেকুৰী এটা নিৰুদ্দিষ্ট হোৱাক লৈ হোৱা কাজিয়াই এনে ৰূপ লয় যাৰ ফলত নাতিয়েকে নিজৰ ককাকক আক্ৰমণ কৰে।

এই আক্ৰমণত বৃদ্ধজনৰ মূৰ, হাত-ভৰিত আঘাতপ্ৰাপ্ত হয়। বৰ্তমান চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত বয়োজ্যেষ্ঠ ব্যক্তিজন সুস্থ হৈ উঠিছে বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।আৰক্ষীৰ মতে, শনিবাৰে নিশা সংঘটিত এই ঘটনা আৰু বৰ্তমান বৃদ্ধজনৰ অৱস্থা সুস্থিৰ।

ককাকৰ বক্তব্য অনুসৰি তেওঁলোকৰ পোহনীয়া মেকুৰীটো নিৰুদ্দিষ্ট হোৱাক লৈ বৃদ্ধ আৰু ২০ বছৰীয়া নাতি শ্ৰীকুমাৰৰ মাজত কাজিয়া হৈছিল। খঙত শ্ৰীকুমাৰে ককাকক অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।অভিযুক্তই নিজেই আহত ককাকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই আৰক্ষীয়ে তেওঁক জিম্মাত লয়। আৰক্ষীয়ে লগতে জনোৱা মতে, তেওঁ সুৰাৰ প্ৰভাৱত থকাৰ সন্দেহ কৰা হৈছে।