উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত এক বৃহৎ ত্ৰুটি পোহৰলৈ আহে। কেৰালাৰ এজন ব্যক্তিয়ে ২২ জন সাংসদৰ স্বাক্ষৰ জাল কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। এই প্ৰৱঞ্চনা পোহৰলৈ অহাৰ পাছত অভিযুক্তৰ মনোনয়ন বাতিল কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰম্ভ কৰা হয়।
জগদীপ ধনখড়ৰ পদত্যাগৰ পাছত ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।য’ত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন আৰু বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডী। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ২১ আগষ্ট।এই সময়ছোৱাত ৪৬ জন প্ৰাৰ্থীয়ে ৬৮ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে ১৯ জন প্ৰাৰ্থীৰ ২৮ টা মনোনয়ন নাকচ কৰা হয়। বাকী ২৭ জন প্ৰাৰ্থীৰ ৪০ টা মনোনয়নৰ তদন্ত ২২ আগষ্টত কৰা হৈছিল।এই প্ৰৱঞ্চনা তাতেই লক্ষ্য কৰা হৈছিল।
দেখা গৈছে কেৰালাৰ জেকব জোচেফ নামৰ এজন ব্যক্তিয়ে সাংসদসকলৰ স্বাক্ষৰ জাল কৰি মনোনয়ন দাখিল কৰিছে। যোচেফে তেওঁৰ প্ৰতি সাংসদসকলৰ সমৰ্থন প্ৰমাণ কৰিবলৈ বৃহৎ প্ৰৱঞ্চনা সংঘটিত কৰিছিল। ২২ জন সাংসদৰ স্বাক্ষৰসহ মনোনয়ন দাখিল কৰাৰ পাছত তদন্তৰ সময়ত দেখা গ’ল যে ৱাই এছ আৰ চি পিৰ সাংসদ মিথুন ৰেড্ডীৰ স্বাক্ষৰ আছে। সেইটোৱেই তদন্তকাৰীৰ মনত সন্দেহ সৃষ্টি কৰি তুলিছিল। কাৰণ ৰেড্ডী বৰ্তমান জেলত আছে। ইয়াৰ পিছতে এই বিষয়টো ৰাজ্যসভাৰ সচিবৰ দৃষ্টিগোচৰ কৰা হয়। বিষয়টোৰ তদন্তৰ অন্তত বাকী থকা সাংসদসকলৰ স্বাক্ষৰও ভুৱা বুলি ধৰা পৰে। ইয়াৰ পিছত মনোনয়ন বাতিল কৰা হয়।
যদিও অভিযুক্ত যোচেফৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া স্পষ্ট হোৱা নাই, তথাপিও এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনা যায়। অহা ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পাছত একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।