সংগম কৰিবলৈ মোক যাবলৈ দিয়ক! লকডাউন চলি থকাৰ সময়তে আৰক্ষীক আবেদন এজনৰ, ক’ত?

(প্ৰতিনিধিত্বমূলক ফটো)

লকডাউনৰ বাবে বিনা কাৰণত কোনেও ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই।

কিবা কাৰণত বাহিৰলৈ ওলাবৰ বাবে  ই-পাছৰ প্ৰয়োজন।

বহুলোকে অনলাইনযোগে প্ৰশাসনক ই-পাছৰ আবেদন কৰিছে।

ইয়াৰে এজন লোকে এক চাঞ্চল্যকৰ কাৰণত আবেদন কৰাৰ বাতৰি পোৱা গৈছে।

লোকজনে তেওঁ যৌনসংগম কৰিবলৈ যাবৰ বাবে প্ৰশাসনক ই-পাছৰ আবেদন কৰিছে!

শুনিবলৈ আচৰিত লাগিলেও ঘটনাটো ঘটিছে কেৰালাত।

লোকজন কান্নুৰ জিলাৰ কান্নাপুৰমেৰ ইৰিনেভ নামৰ ঠাইখনৰ বাসিন্দা।

পৰহি সন্ধ্যা তেওঁ কান্নুৰৰ এখন ঠাইত যৌনসংগম কৰিবলৈ যোৱাৰ অনুমতি বিচাৰি আবেদনপত্ৰ লিখে।

আবেদনখন দেখাৰ লগে লগে হতবাক হয় আৰক্ষী কৰ্তৃপক্ষ।

বিষয়টো আৰক্ষীয়ে চহৰখনৰ সহকাৰী আয়ুক্তক।

তাৰপাছতে তেওঁ ভালাপাত্তানাম আৰক্ষী থানাক লোকজনক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে।

শেষত লোকজনৰ সন্ধানো পোৱা গ’ল।

সন্ধান পোৱাৰ পাছতে আচল সত্যটো বাহিৰ হ’ল।

লোকজনে জনাই যে গোটেই বিষয়টোৱেই ভুল হৈছে।

তেওঁ প্ৰকৃততে ই-পাছেৰ আবেদনপত্ৰত ‘চিক্স অ’ ক্লক’ (six o’ clock) লিখিবলৈ চাইছিল।

কিন্তু মোবাইলত অটোমেটিক টাইপ হৈ ‘চিক্স’টো ‘চেক্স’ হৈ যায়।

আৰু ভুলটো নোচোৱাকৈয়ে তেওঁ আবেদনখন জমা দিয়ে।

তাৰপাছতে ইমানখিনি ৰৌজাল-বৌজাল হয়।

অনিচ্ছাকৃত এই ভুলৰ বাবে তেওঁ ক্ষমা খোজে।

আৰক্ষীয়েও বিষয়টো এৰি দিয়ে।

ঘটনাটো এখন স্থানীয় সংবাদপত্ৰত প্ৰকাশ পোৱাৰ পাছতে হাঁহিৰ খোৰাক উঠিছে।

কিছুমানে কোৱা-কুই কৰিছে যে লোকজনে আচলতে সঠিক কথাই লিখিছল, কেৱল আৰক্ষীৰ সমুখত ভয়তে চাফাই গাইছে!