কেৰালাত পুনৰ মাংকিপক্স ৰোগী চিনাক্ত! ৰাজ্যসমূহক সতৰ্ক কৰিলে কেন্দ্ৰই

প্ৰতিনিধিত্বমূলক ফটো।

কৰোনাৰ পিছত এতিয়া কেৰালাত নতুন আতংক হৈছে এমপক্স বা মাংকিপক্স। যোৱা সপ্তাহত দক্ষিণৰ ৰাজ্যখনত এজন আক্ৰান্ত লোকৰ সন্ধান পোৱা গৈছিল। এইবাৰ আৰু এজনৰ সন্ধান পোৱা গ’ল। মুঠতে যোৱা ৭ দিনত দেশত এমপক্স ৰোগীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

কেৰালাৰ স্বাস্থ্য বিভাগে জনোৱা মতে, দ্বিতীয়জন এমপ’ক্স ৰোগী এৰ্নাকুলামৰ বাসিন্দা। চিকিৎসালয়ত ৰোগীজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

বৰ্তমানলৈকে এই ভাইৰাছৰ প্ৰজাতি চিনাক্ত হোৱা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মাংকিপক্স ভাইৰাছৰ উপস্থিতিৰ সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সতৰ্ক কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই ক’ৰবাত সংক্ৰমণ পোৱা গ’লে সংক্ৰমণ প্ৰতিৰোধৰ বাবে ক্ষিপ্ৰ পদক্ষেপ আৰু পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিছে। মাংকিপক্সৰ চিকিৎসা বা ক্লিনিকেল মেনেজমেণ্টৰ নিৰ্দেশনাও কেন্দ্ৰই জাৰি কৰিছে।

লগতে পঢ়কঃ ভাৰতত বৃদ্ধি পাইছে নতুন প্ৰকাৰৰ কৰ্কট ৰোগ; চিন্তা ব্যক্ত কৰিছে চিকিৎসা বিজ্ঞানীসকলে

১৮ ছেপ্টেম্বৰত কেৰালাৰ মালাপ্পুৰমত এমপ’ক্স পজিটিভ ৰোগী পোৱা গৈছিল। শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ঘৰলৈ উভতি আহি তেওঁ অসুস্থ হৈ পৰে। ইয়াৰ পূৰ্বে আফ্ৰিকাৰ পৰা উভতি অহা হাৰিয়ানাৰ বাসিন্দা এজনৰ দেহত এই ভাইৰাছ পোৱা গৈছিল। দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে মাংকিপক্স ৰোগীক ৰখাৰ বাবে ৰাজ্যৰ ১৪খন চিকিৎসালয়ত আইছ’লেশ্যন ৱাৰ্ড মুকলি কৰা হৈছে। ইয়াৰ লগতে তেওঁ মাংকিপক্সৰ লক্ষণ দেখা দিলে বা বিদেশৰ পৰা উভতি অহাৰ পিছত কোনোবাই বেমাৰত পৰিলে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।

বিদেশৰ পৰা অহা লোকসকলে কেৰালাত এই ৰোগ দ্ৰুতগতিত বিয়পাব পাৰে বুলি আশংকা কৰিছে স্বাস্থ্য বিষয়াসকলে। মন কৰিবলগীয়া যে ক’ৰোনা কালতো কেৰালাত এই ভাইৰাছ সংক্ৰমিত হৈছিল। কাৰণ ৰাজ্যখনৰ বহু লোকে কামৰ বাবে মধ্য এছিয়াৰ দেশত থাকে। ইয়াৰে বহুতেই কৰোনা লৈ ঘৰলৈ উভতি আহিছিল।

লগতে পঢ়কঃ মোবাইল ফোনটো চাৰ্জত দি শুই থকাই হ’ল কাল! বিস্ফোৰণত মৃত্যু ঘটিল চিকিৎসকৰ…

বিশ্বৰ কেইবাখনো দেশত এটা নতুন প্ৰজাতিৰ মাংকিপক্সে মূৰৰ কামৰোণিৰ সৃষ্টি কৰিছে। যিহেতু ইয়াৰ সংক্ৰমণ দ্ৰুত হাৰত বিয়পে। আফ্ৰিকাত এনেদৰে বিয়পি পৰাৰ পিছত WHO এ যোৱা আগষ্ট মাহত মাংকিপক্স সম্পৰ্কে সমগ্ৰ বিশ্বক সতৰ্কবাণী জাৰি কৰিছিল। এইবাৰ ভাৰতত ধৰা পৰিছে মাংকিপক্সৰ সংক্ৰমণ।