সাক্ষৰতাৰ হাৰত প্ৰথম পাঁচ ৰাজ্যৰ ভিতৰত অসম, শীৰ্ষত কেৰালা, অন্ধ্ৰত সৰ্বনিম্ন

girl-998988_1920_1

সাক্ষৰতাৰ হাৰত অসমৰ স্থান আন কেইবাখনো ৰাজ্যৰ ভিতৰত যথেষ্ট উন্নত হৈছে।

৮৫ শতাংশতকৈ ওপৰত সাক্ষৰতাৰ হাৰ অৰ্জন কৰা প্রথম পাঁচখন ৰাজ্যৰ ভিতৰতে অসমেও স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

নেছনেল ষ্টেটিষ্টিকেল অফিছ( NSO) ই প্ৰকাশ কৰা সাক্ষৰতাৰ প্ৰতিবেদন অনুসৰি অসমত সাক্ষৰতাৰ হাৰ হৈছে ৮৫.৯ শতাংশ।

৯৬.২ শতাংশ সাক্ষৰতাৰ হাৰেৰে এইবাৰো কেৰালাই সাক্ষৰতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সাক্ষৰতাৰ দিশত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত থকা ৰাজ্য খন হৈছে অন্ধ্ৰপ্ৰদেশ।

অন্ধ্ৰপ্ৰদেশত এইবেলি সাক্ষৰতাৰ হাৰ ৬৬.৪ শতাংশ।

আনহাতে ৮৮.৭ শতাংশ সাক্ষৰতাৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে দিল্লীয়ে।

বিহাৰৰ সাক্ষৰতাৰ হাৰ তেলেংগানাতকৈও কম।

বিহাৰত এই হাৰ ৭০.৯ হোৱাৰ বিপৰীতে তেলেংগানাত ৭২.৮ শতাংশ।

একেদৰে কৰ্ণাচকত ৭৭.২,উত্তৰাখণ্ডত ৮৭.৬, হিমাচল প্ৰদেশত ৮৬.৬,উত্তৰ প্ৰদেশত ৭৩.০,ৰাজস্থানত ৬৯.৭ শতাংশ হৈছে।

সমগ্ৰ দেশতে এইবাৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৪.৭ শতাংশ হোৱাৰ লগতে মহিলাৰ সামগ্ৰীক সাক্ষৰতাৰ হাৰ হৈছে ৭০.৩ শতাংশ।

কেৰালাত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰৰ মাজত থকা ব্যৱধান হৈছে দেশৰ ভিতৰতে সৰ্বনিম্ন।

কেৰালাত এই ব্যৱধান হৈছে ২.২ শতাংশ।

সৰ্বভাৰতীয় প্ৰেক্ষাপটত পুৰুষ-মহিলাৰ সাক্ষৰতাৰ হাৰৰ মাজৰ ব্যৱধান ১৪.৪ শতাংশ।

একেদৰে গাওঁ আৰু চহৰৰ মাজত থকা সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰত কেৰালাতেই সৰ্বনিম্ন হাৰ ১.৯ শতাংশ হৈছে।

গাওঁ আৰু চহৰৰ মাজত সাক্ষৰতাৰ হাৰৰ সৰ্বাধিক ব্যৱধান থকা ৰাজ্ খন হৈছে তেলেংগানা।

তেলেংগানাত গাঁৱতকৈ চহৰৰ সাক্ষৰতাৰ হাৰ ২৩.৪ শতাংশ বেছি।