NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত খালিস্তানী নেতা! শপত গ্ৰহণ অনুষ্ঠানৰ মাজতে দিলে খালিস্তান জিন্দাবাদ ধ্বনি!

January 22, 2025 10:20 am · এন ই নাও নিউজ, গুৱাহাটী

ডনাল্ড ট্ৰাম্পৰ দ্বিতীয় শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰো উপস্থিত আছিল। লগতে উপস্থিত আছিল ভাৰতীয় কোটিপতি মুকেশ আম্বানী আৰু পত্নী নীতাভাই আম্বানীও উপস্থিত আছিল। ইতিমধ্যে পান্নুনে ভাৰতীয় কূটনীতিবিদ আৰু নেতাসকলক এয়াৰ-বম্বিংৰ ভাবুকিকে ধৰি কেইবাটাও মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে।

এনে বিছিন্নতাবাদী নেতা তথা সন্ত্ৰাসবাদৰ অভিযোগ থকা লোকে এনে হাই-প্ৰফাইল অনুষ্ঠানৰ নিমন্ত্ৰণ কেনেকৈ পাব পাৰে? আমেৰিকাৰ তদন্তকাৰী সংস্থা চিআইএ বা এফবিআইয়ে আমন্ত্ৰিত অতিথিসকলৰ নিৰাপত্তাৰৰ মূল্যায়ন কৰা নাছিল নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে। ভাৰতৰ মষ্ট ৱাণ্টেড খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নু কেনেকৈ সেই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হব পালে তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে। আনকি ভাইৰেল হোৱা এটা ভিডিঅত সকলোৱে একেস্বৰে USA বুলি চিঞৰাৰ সময়ত অকলে পন্নুনে খালিস্তান জিন্দাবাদ দিয়া দেখিব পোৱা গৈছিল।

সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা হৈছে যে তেওঁ নিজৰ যোগাযোগৰ জৰিয়তে টিকট ক্ৰয় কৰিছিল। ইয়াৰ পিছত তেওঁ ট্ৰাম্পৰ চৰকাৰী অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

অৱশ্যে ভিডিঅটোত দেখা ব্যক্তিজন পান্নুন প্ৰকৃততে হয় নে নহয় সেয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।উল্লেখযোগ্য যে, ২০২৩ চনত নিউয়ৰ্কত ভাৰতীয় এজেণ্টে খালিস্তানী বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পন্নুনক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হয়। পান্নুনৰ আমেৰিকা আৰু কানাডাৰ দ্বৈত নাগৰিকত্ব আছে।

Related News