ডিব্ৰুগড় কাৰাগাৰত বন্দী খালীস্তানী সদস্যক আতিশয্যৰ অভিযোগ: হিমন্ত বিশ্ব শৰ্মাক ভাবুকি খালিস্তানী শিখ সংগঠনৰ
খালিস্তানী বিচ্ছিন্নতাবাদী অমৃতপাল সিঙৰ বিৰুদ্ধে চলিত অভিযানৰ মাজতে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা সিঙৰ সহযোগীক আতিশয্যৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাবুকি জাৰি কৰিছে শিখ ফৰ জাষ্টিচ (এছ এফ জে)ৰ সদস্য গুৰপতৱান সিং পান্নুৱে।
ৰাজ্যৰ সংবাদকৰ্মীলৈ ফোন যোগে এই ভাবুকি প্ৰেৰণ কৰিছে কট্টৰ খালিস্তানী সংগঠনটোৰ সদস্যগৰাকীয়ে। মুখ্যমন্ত্ৰী শৰ্মাক ভাবুকি দি পান্নুৱে কয়, “অসমত কাৰাগাৰত বন্দী খালিস্তান সমৰ্থকক অত্যাচাৰ কৰা হৈছে। অতি মনোযোগেৰে শুনা মুখ্যমন্ত্ৰী শৰ্মা, যুঁজখন খালিস্তান সমৰ্থক শিখ আৰু ভাৰতীয় শাসনৰ মাজত।”
তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নী দি কয়, “শৰ্মা, এই হিংসাৰ বলি নহ’ব।আমি খালিস্তান গণভোটৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জাৱক ভাৰতীয় দখলৰ পৰা মুক্তি বিচাৰিছো।”
“যদি আপোনাৰ চৰকাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপালৰ ছয়গৰাকী সহযোগীক নিৰ্যাতন আৰু হাৰাশাস্তি কৰি আছে, তেতিয়া আপোনালোক জবাবদিহি হ’ব।”– খালিস্তানী কৰ্মীগৰাকীয়ে লগতে কয়।
উল্লেখ্য যে, অমৃতপাল সিং আৰু তেওঁৰ সংগঠন ‘ৱাৰিছ পঞ্জাব দে’ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ পাছতে কেইবাগৰাকীও সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। ধৃত ছয়গৰাকী সদস্যক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।