মেকডুৱেল নাম্বাৰ 1’ : লাহৰীজানত খটখটী আৰক্ষীয়ে জব্দ কৰিলে নকল হুইস্কি

Whisky-1-1140x570

লাহৰীজানত উদ্ধাৰ কৰা নকল হুইস্কি। ফটো : নৰ্থইষ্ট নাও

কাৰ্বি আংলঙৰ লাহৰীজানত খটখটী আৰক্ষীয়ে এক তালাচী অভিযান চলাই বৃহৎ সংখ্যক মেকডুৱেল নম্বৰ ওৱান হুইস্কিৰ নকল কাৰ্টন।

খটখটী আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত চলোৱা অভিযানটোত ঘটনাস্থলীৰ পৰা প্ৰেম জয়ছোৱাল নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত স্থানটো বটলত নকল পানীয় ভৰাই লেবেল লগাই মেকডুৱেল নম্বৰ ওৱান হুইস্কি হিচাপে বজাৰত মেলি দিয়া কামত ব্যৱহাৰ হৈছিল।

ঘটনাস্থলীৰ পৰা মুঠতে ৫১ কাৰ্টন নকল হুইস্কি আৰু মেক ডুৱেল নম্বৰ ওৱানৰ খালী বটল তথা ১৮৬ কাৰ্টন বীয়েৰ (সম্ভৱত: নকল) উদ্ধাৰ কৰা হৈছে। নকল হুইস্কিৰ বটলসমূহ চুবুৰীয়া নাগালেণ্ডৰ ডিমাপুৰলৈ যোগান দিয়া হয় য’ত মদৰ বিক্ৰী নিষিদ্ধ কৰা আছে।

অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ খটখটীৰ আশে পাশে অঞ্চলটো চোৰা মদৰ ব্যৱসায়কে ধৰি গাড়ী চুৰি তথা ড্ৰাগছ, চোৰাং অস্ত্ৰৰ সৰবৰাহ, দেহ ব্যৱসায় আদি অপৰাধমূলক কাৰ্যকলাপ ঘাটি হিচাপে পৰিচিত।

মদ নিষিদ্ধ ৰাজ্য নাগালেণ্ড সীমান্ত অঞ্চলত অৱস্থিত এই ঠাইখন নাগালেণ্ডলৈ মদৰ লগতে নকল মদৰো চোৰাং সৰবৰাহৰ বাবে উপযুক্ত স্থান হিচাপে বিবেচিত হৈ আহিছে।

আনহাতে, ভাৰত-ম্যানমাৰ সীমান্তৰ মনিপুৰৰ ম’ৰেৰ পৰা চোৰাং অস্ত্ৰ তথা ড্ৰাগছ খটখটী হৈ সৰবৰাহ হয়। তদুপৰি, নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা ব্যৱসায়িক বাহনসমূহৰো ই ‘ট্ৰেনছিট পইন্ট’।